বিজনী : বড়োভূমিত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰ। এছএছবি আৰু আৰক্ষীৰ যৌথ অভিযানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰ। বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী মানাস ৰাষ্ট্ৰীয় উদ্যানত এছএছবি আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে এটা হস্ত নিৰ্মিত ৰাইফল।

চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত শুকুৰবাৰে নিশা এছএছবি আৰু আৰক্ষীয়ে এক যৌথ অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে এটা হস্ত নিৰ্মিত ৰাইফল। শুকুৰবাৰে নিশা প্ৰায় ১১:৩০ মান বজাত এক গোপন খবৰৰ ভিত্তিত এছএছবি আৰু আৰক্ষীয়ে যৌথ অভিযান চলাইছিল মানাস ৰাষ্ট্ৰীয় উদ্যানৰ অগ্ৰং নলাত।

এছএছবিৰ নেতৃত্বত চলা অভিযানত সহযোগ কৰিছিল বল্লমগুৰী আৰু বড়োবাজাৰ আৰক্ষীয়ে। সম্প্ৰতি ৰাইফলটো কোনে মাটিৰ পুতি থৈছিল জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply