চিৰাং জিলাত উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰ

চিৰাং: নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতো বিটিআৰ অঞ্চলত এতিয়াও বৃহৎ পৰিমানৰ অস্ত্ৰ শস্ত্ৰ ভান্ডাৰ যে আছে তাক পুনৰ প্ৰমান হৈছে চিৰাং জিলাত উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰৰ পৰা ।
চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত ৰুণীখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম আৰু ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাম চন্দ্ৰ ৰাভাৰ সহযোগত ২০ জনীয়া আৰক্ষীৰ দলে অভিযান চলাই আজি পুৱতি নিশা চাৰি বজাত ৰুণীখাতা থানাৰ অন্তৰ্গত চিৰাং সংৰক্ষিত বনাঞ্চলৰ ৩ নং ওদালগুৰি গাঁৱত প্লাষ্টিকেৰে মেৰিয়াই মাটিৰ তলত পুতি থোৱা অবস্থাত এই অবৈধ মৰণাস্ত্ৰ খিনি উদ্ধাৰ কৰে ।
বিটিআৰ ৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ডঃ এল. আৰ. বিষ্ণই কাজলগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত এখন সংবাদ মেল আয়োজন কৰি এই সম্পৰ্কে অবগত কৰে ।
এই অভিযানত কোনো লোকক আটক কৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি সদৰি কৰে । আনহাতে এনডিএফবি ৰ প্ৰাক্তন দুৰ্ধৰ্ষ নেতা এম, বাথা পুণৰ জঙ্ঘললৈ উভতি যোৱাতো সত্য বুলি উল্লেখ কৰে বিটিআৰ ৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ডঃ এল, আৰ. বিষ্ণয়ে, লগতে তেও কয়, বাথাৰ সৈতে প্ৰাক্তন এনডিএফবি, প্ৰাক্তন বিএলটি আৰু কিছু এনডিএফবি ৰ হৈ কাম কৰা প্ৰায় ত্ৰিশ গৰাকী লোক আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply