নিউজ ডেস্ক- লাডাখৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু অষ্টম অসম ৰেজিমেণ্টৰ সেনা জোৱানৰ।
নিহত জোৱানজন শিৱসাগৰৰ খনামুখ টিপমীয়া গাঁৱৰ নিতুল গগৈ বুলি জানিবলৈ পৰা গৈছে।
চীন সীমান্তত বৰফাবৃত দুর্গম এলেকাত দায়িত্ব পালন কৰি থকাৰ সময়তে মৃত্যু জোৱানজনৰ।
কি পৰিস্থিতিত জোৱানজনৰ মৃত্যু হ’ল এইপর্যন্ত জানিব পৰা হোৱা নাই৷
জোৱানজনৰ মৃতদেহ কাইলৈ স্ব-গৃহ আহি পাবহি বুলি জানিবলৈ পৰা গৈছে।