নিউজ ডেস্ক: অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বডগাম বিধানসভা সমষ্টিৰ বিধায়ক জিগনেছ মেৱানীক কোকৰাঝাৰ সদৰ আৰক্ষী থানাত হাজিৰ কৰোৱা হয়।
উল্লেখযোগ্য যে দলিত নেতা গৰাকীয়ে দিয়া এটা টুইটকলৈ কোকৰাঝাৰৰ এজন লোকে ৰুজু কৰা এজাহাৰৰ ভিত্তিত অসম আৰক্ষীয়ে বুধবাৰে নিশা তেওঁক গুজৰাটৰ পালানপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
বিধায়ক গৰাকীৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত IT Act আৰু ভাৰতীয় দণ্ডবিধিৰ বহু কেইটা ধাৰাৰ অধীনত 183/2022 নম্বৰৰ এক গোচৰ ৰুজু কৰা হয়।
মেৱানীক কোকৰাঝাৰ থানাত হাজিৰ কৰোৱাৰ পিছতে কোকৰাঝাৰ জিলা কংগ্ৰেছে তেওঁৰ প্ৰেপ্তাৰক বেআইনী বুলি কৈ শীঘ্ৰে বিধায়ক গৰাকীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত থানাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছী বিধয়াক জিগেনছ মেৱানী কোন হয় চিনি নাপায় বুলি মন্তব্য কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শৰ্মাই ”কোন হয় তেওঁ? মই চিনি নাপাওঁ” বুলি কয়।
বিধায়ক গৰাকীৰ গ্ৰেপ্তাৰ সম্পৰ্কেও একো নাজানে বুলি শৰ্মাই লগতে কয়।
লগতে পঢ়ক – অতি শীঘ্ৰে জিগনেশ মেৱানীক মুকলি কৰি দিয়াৰ দাবী বিধায়ক অখিল গগৈৰ