সোণাৰি : চৰাইদেউ জিলাবাসীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিলে ইণ্টাৰনেচনেল এছ’ছিয়েছন ফ’ৰ হিউমেন ভ্যেলু নামৰ অনুষ্ঠানটিয়ে। ক’ভিড সৃষ্ট জটিল পৰিস্থিতিৰ মাজত আৰ্ট অৱ লিভিঙৰ প্ৰতিষ্ঠাপক তথা আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰৰ মহানুভৱতাৰ বাবে এই অনুষ্ঠানটিয়ে চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষক অৰ্পণ কৰে পাঁচটাকৈ অক্সিজেন কনচেনট্ৰেটৰ।

উল্লেখযোগ্য যে ইণ্টাৰনেচনেল এছ’ছিয়েছন ফ’ৰ হিউমেন ভ্যেলুৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ন্যাসৰক্ষী ৰমেশ ৰমন স্বাক্ষৰিত এখন পত্ৰসহ আৰ্ট অৱ লিভিঙৰ সদস্যই আজি সোণাৰিৰ ৰজাপুখুৰীস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ইয়াৰ অধীক্ষক ডাঃ সৌমেন ভাগৱতীৰ হাতত অক্সিজেন কনচেনট্ৰেটৰ কেইটা অৰ্পণ কৰে।

এই সন্দৰ্ভত অনুষ্ঠিত এক অনাড়ম্বৰ সীমিত পৰিসৰৰ অনুষ্ঠানত উপস্থিত থাকি চিকিৎসালয়খনৰ কেবাগৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে এনে মহানুভৱতাৰ বাবে আধ্যাত্মিক গুৰু গৰাকীৰ লগতে সংশ্লিষ্ট অনুষ্ঠানটিৰ ভূয়সী প্ৰশংসা কৰে।

লগতে পঢ়ক গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি গঢ়ি তোলাৰ সংগ্ৰামত নামিছে বিধায়ক মৃণাল শইকীয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply