ৰূপহীহাট : ৰূপহীহাট আৰু জুৰীয়াৰ কেইবাখনো গাঁও কৃত্ৰিম বানৰ কবলত। একাংশ অসাধু মৎস্য পালকৰ দায়িত্বহীন কৰ্মকাণ্ডৰ বাবেই বৰ্তমান পানীৰ তলত শ‌ শ বিঘা শালিধানৰ খেতিৰ লগতে বহু লোকৰ ঘৰ।

ৰূপহীহাট আৰু জুৰীয়া অঞ্চল কৃষিজাত সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত আৰু ইয়াৰ অধিকাংশ লোকেই কৃষিজীৱী। কিন্তু বৰ্তমান একাংশ অসাধু মীন পালকে অবৈধভাৱে বৃহৎ বৃহৎ আকাৰৰ পুখুৰী নিৰ্মাণ কৰাৰ লগতে পথাৰৰ অতিৰিক্ত পানী ওলাই যোৱা কালভাৰ্ট সমূহ বন্ধ কৰি দিয়াৰ ফলত এজাক বৰষুণতেই সৃষ্টি হৈছে কৃত্ৰিম বান পানীৰ।

লগতে পঢ়ক  : ধনশিৰিত আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী

এই কৃত্ৰিম বানৰ কবলত পৰিছে গটঙা, পলাশনী, অৰুনা, ভেৰভেৰী, তেলীয়া বেবেজীয়াৰ উপৰিও ২২ খনকৈ ৰাজহ গাঁও। প্ৰশাসনক বাৰম্বাৰ অনুৰোধ কৰিও একো ফল লাভ কৰা নাই বুলি ভুক্তভুগি একাংশ ৰাইজে জানিবলৈ দিয়ে। ৰূপহী আৰক্ষী থানাত অসাধু মীন পালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে একাংশ ভূক্তভোগী ৰাইজে।চৰকাৰ তথা প্ৰশাসনে অতি শীঘ্ৰে ইয়াৰ এক উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply