বাক্সা : এগৰাকী ভাস্কৰ্য শিল্পী। শিল্পীজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ প্ৰাণ। ভাস্কৰ্য শিল্পী জনে সম্পূৰ্ণ ফাইবাৰ গ্লাছ, ব্ৰঞ্জ আদিৰে সৃষ্টি কৰি আহিছে একো একোজনকৈ বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি। সৰুৰে পৰাই শিল্পকলাৰ প্ৰতি অশেষ ৰাপ থকা এই শিল্পীজনৰ নাম হ’ল কমল দেউৰী।
বৰপেটা জিলাৰ ৰবঘোপাত জন্মগ্ৰহণ কৰা কমল দেউৰীয়ে সম্প্ৰতি বাক্সা জিলাৰ বৰমাত থকা নিজ মোমায়েকৰ ঘৰত থাকিয়ে সৃষ্টি কৰি আহিছে এই নিৰলস সাধনা। সৰুৰে পৰাই ছবি আঁকি ভাল পোৱা কমল দেউৰীয়ে কোকৰাঝাৰৰ মিউজিক ফাইন আৰ্টচত নাম ভৰ্তি কৰে। ইয়াৰ পিছতে বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছতে আনুষ্ঠানিকভাৱে জড়িত হৈ পৰে শিল্পকলাৰ জগতখনৰ সৈতে।
ইতিমধ্যে নৱ প্ৰভাত নামৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ অনুৰোধত আধুনিক বৰমাৰ খনিকৰ ৰত্নেশ্বৰ শৰ্মা, বি কে ভাণ্ডাৰী আৰু গোপী চৌধুৰীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা বুলি ভাস্কৰ্য শিল্পী কমল দেউৰীয়ে জানিবলৈ দিয়ে। ফাইবাৰ গ্লাছ, ব্ৰঞ্জ আৰু হীৰা মাটিৰে নিৰ্মাণ কৰা প্ৰতিটো প্ৰতিমূৰ্তিৰ মূল্য ভিন্ন ধৰণৰ বুলি জানিবলৈ দিয়ে শিল্পীজনে।
ফাইবাৰ গ্লাছেৰে নিৰ্মিত প্ৰতিটো প্ৰতিমুৰ্তীৰ মূল্য ৬০ হাজাৰ টকা আৰু ব্ৰঞ্জেৰে নিৰ্মীত প্ৰতিটো প্ৰতিমূৰ্তীৰ মূল্য ৩ লাখ টকা নিৰ্ধাৰণ কৰা বুলি কয় শিল্পী কমল দেউৰীয়ে। ইতিমধ্যে বহু বৰেণ্য ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লগতে অদূৰ ভৱিষ্যতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিশ্বৰত্ন সুধাকন্ঠ ভূপেন হাজৰিকা আৰু বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ পৰিকল্পনা থকাৰ কথা ব্যক্ত কৰে শিল্পী কমল দেউৰীয়ে।
আৰু পঢ়কঃ এটা বিশেষ অঞ্চলত ৰে’ল বিভাগৰ কামত বাধা প্ৰদান কৰিছে বন বিভাগে
প্ৰতিমূৰ্তী নিৰ্মাণৰ লগতে সমান্তৰালভাৱে তেওঁ চলাই গৈছে ‘ৰেইনব আৰ্ট স্কুল’ নামৰ এখন শিক্ষানুষ্ঠানো। সম্পূৰ্ণ স্বকীয়তাৰে স্থাপন কৰি কলা তথা ভাস্কৰ্য শিল্পৰ বিষয়ে বহু ছাত্ৰ-ছাত্ৰীক শিক্ষা দি আহিছে এই শিক্ষানুষ্ঠানখনত। সম্প্ৰতি ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ কৰি থকা বুলি তেখেতে জানিবলৈ দিয়ে।