লখিমপুৰৰ পৰা পল্লব মিলি : অসমৰ চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰক লখিমপুৰত জ্বলিছে এতিয়া ক্ষোভৰ বহিপ্ৰকাশ ঘটিছে। নগৰৰ মাজত অৰুণাচলৰ মূখ্য মন্ত্রী প্ৰেমা খাণ্ডুৰ প্ৰতিকৃতি দাহ কৰে জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে।


১২ ঘন্টাৰ ভিতৰত বিনা চৰ্তে শিল্পী জনক মুক্তি দি লখিমপুৰলৈ প্ৰত্যাৱৰ্তন নকৰিলে অৰুণাচলৰ বিৰুদ্ধে সৰ্বাত্মক অৱৰোধৰ হুংকাৰ দিলে সংগঠনটোৱে। অৰুণাচলৰ মূখ্যমন্ত্রীক অসমত দম্ভালি নকৰিবলৈও সতৰ্ক বাণী যুৱ ছাত্র পৰিষদৰ।


উল্লেখ্য বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অৰুণাচলৰ সচিবালয়ৰ দেৱালত No More Dams লিখাৰ বাবেই অৰুণাচলৰ আৰক্ষীয়ে যোৱা নিশা শিল্পী নীলিম মহন্তক লখিমপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি নিয়ে।


ইয়াৰ প্ৰতিবাদত আজি জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ লগতে মাছকে ধৰি বহু কেইটা সংগঠনে মূখ্য মন্ত্রী ৰ প্ৰতিকৃতি দাহ কৰি প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে৷ শিল্পী জনক মুক্তি নিদিলে তীব্র আন্দোলনৰো হুংকাৰ দিছে প্ৰতিবাদ কাৰী সংগঠন সমুহে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply