অৰুণাচলত কাৰাবন্দীত্বৰ পৰা মুক্ত হৈ শিল্পী নীলিম মহন্তই নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয়, চুবুৰীয়া ৰাজ্যখনৰ সৈতে সংঘাত হোৱাটো নিবিচাৰে । বিপৰীতে অসম-অৰুণাচলৰ সমন্বয়-সম্প্ৰীতিৰ হকে তেও কাম কৰি যাব ।

অৰুণাচলৰ আৰক্ষীৰ জিম্মাৰ পৰা জামিনত মুকলি হৈ আহি মঙলবাৰে নিশা স্ব-গৃহত উপস্থিত হয় যুৱ শিল্পীগৰাকী। নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ ঘটনাই দুয়োখন ৰাজ্যৰ সম্প্ৰীতিত যাতে আঘাত নকৰে, তাৰবাবেও তেওঁ সকলোকে আহ্বান জনায় ।

অৰুণাচল প্ৰদেশতো যথেষ্ঠ সংখ্যক ভাল মানুহেৰে ভৰি থকাৰ অনুভৱ ব্যক্ত কৰি এতিয়াৰ পৰা চুবুৰীয়া দুয়োখন ৰাজ্যৰ সংঘাত দূৰ কৰি সম্প্ৰীতিৰ বাবে তেওঁ কাম কৰাৰ সংকল্পৰ কথা উল্লেখ কৰে । তেওঁ সোনকালেই অৰুণাচলবাসীক চিত্ৰকৰ্মৰ জৰিয়তে বহু উপহাৰ দিব বুলিও প্ৰকাশ কৰে ৷ ইয়াৰ লগতে তেও আশা কৰে বিৰুদ্ধে ৰুজু হোৱা গোচৰ শীঘ্ৰে উঠাই লোৱাৰ৷

অৰুণাচলৰ সচিবালয়ৰ দেৱালত ৰাজ্যখনৰ একাংশ লোকৰ আমন্ত্রণমৰ্মে গৈ নীলিম মহন্তই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে NO MORE DAMS লিখাৰ বাবেই দেওবাৰে নিশা অৰুণাচলৰ আৰক্ষীয়ে লখিমপুৰ আৰক্ষীৰ সহযোগত শিল্পীগৰাকীক নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি অৰুণাচললৈ নিছিল ৷

ইয়াকে লৈ ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠে ।বিভিন্ন সংগঠনৰ প্ৰবল প্ৰতিবাদত কঁপি উঠে সমগ্ৰ লখিমপুৰ ।জামিনত মুক্ত হৈ নিজা গৃহ পোৱাৰ সময়ত বিভিন্ন সংগঠনে গামোচা পিন্ধাই আদৰণি জনায় শিল্পীগৰাকীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply