নাৰায়নপুৰ: চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশে বিভিন্ন সময়ত অসমৰ ভূমি দখলেৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সুচনা কৰিছে । বিভিন্ন সময়ত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী জনতাৰ মাজত সীমা বিবাদক কেন্দ্ৰ কৰি ভয়াবহ পৰিস্থিতিৰ সুচনা হৈ আহিছে ।কিন্তু ইমানৰ পিছতো ৰাজ্য চৰকাৰ তথা প্ৰশাসনে সীমা সমস্যাক লৈ কঠোৰ স্থিতি লোৱা আজিকোপতি পৰিলক্ষিত নহ’ল ।
এইবাৰ অৰুনাচলীৰ শেন চকু পৰিল লখিমপুৰ জিলাৰ নাৰায়নপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পথালি পাহাৰ সীমান্ত প্ৰহৰী আদৰ্শ গাঁৱত । ইতিমধ্যে বিশেষ এজন অৰুনাচলী পুজিপতিৰ ছত্ৰছায়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া গাওঁখনৰ মাজেৰে পাহাৰ কাটি পকী পথ নিৰ্মানেৰে অসমৰ ভুমি দখলৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অৰুনাচলী ব্যক্তিজন । স্থানীয় একাংশ লোকক কৰ্মসংস্থাপনৰ টোপ দি এই বিশেষ ব্যক্তিজনে সীমান্তৱৰ্তী এই অঞ্চলত চলাইছে বন ধংসযজ্ঞ ।ইমানৰ পিছতো কিন্তু কাণসাৰ নাই লখিমপুৰ জিলা প্ৰশাসনৰ । কাণসাৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ ।

আনহাতে এই সমগ্ৰ বিষয় সন্দৰ্ভত সচেতন মহলে মাত মাতিলেই কৰ্মসংস্থাপনৰ টোপ দি অৰুনাচলীৰ বহতীয়া কৰি ৰখা মুষ্টিমেয় ব্যক্তিকেইজনে বিভিন্ন প্ৰক্ৰিয়াৰে বিষয়টি গাপ দিয়াৰ চেষ্ঠাত বৰ্তি হোৱাহে পৰিলক্ষিত হয় ।
ইতিমধ্যে সমগ্ৰ বিষয় সন্দৰ্ভত খেৰাজখাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থা ,পথালিপাহাৰ উন্নয়ন সেৱা সমিতি আৰু পথালিপাহাৰ সন্মিলিত নাট্য সমাজে পৃথকে পৃথকে পৃথকে লখিমপুৰ জিলা উপায়ুক্তত এখন স্মাৰক পত্ৰ প্ৰদান কৰি সমগ্ৰ বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰাৰ লগতে ভৱিষ্যতে যাতে এই অঞ্চলত সীমা সমস্যাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সুচনা নহয় সেই সন্দৰ্ভত স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।
আনহাতে উল্লেখিত দল সংগঠন কেইটাৰ স্মাৰক পত্ৰক কেন্দ্ৰ কৰি লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু নাৰায়নপুৰ ৰাজহ চক্ৰ বিষয়া গাওঁখনত উপস্থিত হৈ চৰজমিন তদন্ত চলাই ।আনহাতে শেহতীয়াকৈ জানিব পৰা অনুসৰি লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে উক্ত স্থানত চলি থকা পথ নিৰ্মানকাৰ্য স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
আৰু পঢ়কঃ ”ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ”ত গুৱাহাটীৰ প্ৰাপ্তি মেধিৰ সফলতা