নিউজ ডেস্ক : অসম তথা উত্তৰ-পূবৰ মানুহৰ বাবে আজিৰ তাৰিখত টাৱাঙৰ কথা নজনা লোক বহুত ওলাব। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰে ভৰপূৰ টাৱাঙলৈ প্ৰতি বছৰে ভালে সংখ্যক পৰ্য্যতকে ঢাপলি মেলা দেখা যায়।
আপুনিও নতুন বছৰক আদৰিবলৈ টাৱাঙলৈ যোৱাৰ কথা ভাবিছে নেকি? যদিহে আপোনাৰ তেনে পৰিকল্পনা আছে তেন্তে এইক্ষেত্ৰত আপুনি কিছু সাৱধান হোৱা দৰকাৰ, কাৰণ প্ৰচণ্ড তুষাৰপাতৰ ফলত তাৱাঙলৈ যোৱা পথছোৱা যথেষ্ট বিপদসংকুল হৈ পৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইট কৰি পৰ্য্যতকসকলৰ প্ৰতি সতৰ্কতামূলক পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰী গৰাকীয়ে জনোৱা মতে বৈশাখী, ছেলা পাছ, নুৰানাং আদি ঠাইত যথেষ্ট তুষাৰপাত পৰিছে।
”যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে অনুগ্ৰহ কৰি ভালদৰে খবৰ-খাতি কৰি ল’ব কাৰন গাড়ী চলোৱাৰ বাবে পথটো যথেষ্ট বিপজ্জনক হৈ আছে আৰু তাপমাত্ৰা -২৫ লৈ নামিছে!” তেওঁ কয়।
লগতে পঢ়ক : চলা গ্ৰাম্য অভয়াৰণ্যত অৰ্কিড পুনৰ সংস্থাপন