মৰাণ: অৰুণাচলৰ পৰা সন্দেহজনক এন এছ চি এন (k) উগ্ৰপন্থীয়ে পথ নিৰ্মাণ কামত  কৰ্মৰত তিনিজন যুৱকক অপহৰণ কৰি নিয়া আজি চাৰি দিন উকলি গ’ল যদিও কোনো শূং সূত্ৰ পোৱা নাই পৰিয়ালে ।

ইয়াৰে এজনৰ ঘৰ টিংখাঙত । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ২ নং কেছেৰুগুৰী গাঁৱৰ হীৰেন কোঁ‌চৰ পৰিয়ালত এতিয়া হাহাকাৰ । পত্নীয়ে নগা ভাষাতে স্বামীক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনালে । হীৰেন কোঁচে বিগত প্ৰায় ৫ বছৰ ধৰি অৰুণাচলৰ লংদিঙত জে চি বি চালক হিচাপে কাম কৰি আছিল। তেওঁৰ লগত নিজ ভাতৃও আছিল ।

অৱশ্যে ভাতৃ বৰ্তমান অৰুণাচলতে আছে । যোৱা ৩১ জানুৱাৰী নিশা ৭ বজাত পত্নীৰ সৈতে শেষ বাৰৰ বাৰ্তালাপ হৈছিল। তাৰ পাছৰে পৰা হীৰেনৰ সৈতে যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে । অপহৰণ কাণ্ড সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে বৰবাম আৰক্ষী চকীত এজাহাৰ দিয়াৰো যো-জা চলাইছে ।

ইফালে ঘৰখনৰ বৰপুত্ৰ হীৰেন কোঁ‌চক মুকলি কৰি দিবলৈ উগ্ৰপন্থী সংগঠনটোক মাতৃয়ে কাতৰ আহ্বান জনোৱাৰ লগতে চৰকাৰকো নিজ পুত্ৰক ঘৰলৈ সুস্থ শৰীৰে অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক- নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলিয়ে উভালিলে চৰকাৰে পোতা খুটা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply