পল্লব মিলি,লখিমপুৰ: বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰি দেৱাল লিখাৰ বাবেই অসমৰ চিত্ৰশিল্পীক গ্ৰেপ্তাৰ । অৰুণাচল আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে চিত্ৰশিল্পী নীলিম মহন্তক।
অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ চিত্ৰশিল্পী গৰাকীৰ বিৰুদ্ধে।
ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰিছে নীলিম মহন্তৰ বিৰুদ্ধে।
লখিমপুৰ আৰক্ষীৰ সহযোগত শিল্পী নীলিম মহন্তক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি দেওবাৰে নিশাই অৰুণাচলৰ ৰাজধানী ইটানগৰলৈ নিয়ে আৰক্ষীয়ে।
বৃহৎ নদীবন্ধৰ বিৰোধিতাৰে নীলিম মহন্তই অংকন কৰিছিল এখন চিত্ৰ।অৰুণাচলৰ সচিবালয়ৰ দেৱালত অংকন কৰিছিল নদীবান্ধ বিৰোধী চিত্ৰ। অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ নীলিম মহন্তৰ বিৰুদ্ধে।
হঠাতে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা চিত্ৰশিল্পীগৰাকীক লৈ শেহতীয়াকৈ চিন্তিত হৈ পৰিছে তেওঁৰ মাতৃ। সংবাদ মাধ্যম যোগে নীলম মহন্তৰ মাতৃয়ে ৰাজ্যবাসীক সহায়ৰ বাবে আহ্বান কৰিছে। তেওঁ কয়- এই জটিল সময়ত মোৰ ল’ৰাক সকলোৱে সহায় কৰক। চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ পাছতেই অৰুণাচল আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ভিন্ন মহলৰ অৰুণাচল প্ৰশাসনৰ এনে কাণ্ডত ধিক্কাৰ জনাইছে সতীৰ্থ – শুভাকাংশীয়ে