জামুগুৰিহাটঃ অৰুণাচলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ ২০সংখ্যক সভা। সভাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পৰিবেশ,বন আৰু বতৰ সলনি দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিশাল জৈৱ বৈচিত্ৰ আৰু ৮০ শতাংশ বনভূমিৰে পৰিপূৰ্ণ বনজ সম্পদ সমূহক জনসাধাৰণৰ সহযোগত সংৰক্ষণৰ আহ্বান জনায়।
কেন্দ্ৰীয় পৰিবেশ, বন আৰু বতৰ সলনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ ছৌবে ,অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খান্ডু, অৰুণাচল প্ৰদেশৰ পৰিবেশ আৰু বন মন্ত্ৰী মামা নাটুং প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰা সভাৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণত কেন্দ্ৰীয় পৰিবেশ, বন আৰু বতৰ সলনি দপ্তৰৰ সঞ্চালক প্ৰধান আৰু বিশেষ সচিব চন্দ্ৰ প্ৰকাশ গোৱেলে প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰৰ অৰুণাচল প্ৰদেশৰ পাকে ব্যঘ্ৰ ৰিজাৰ্ভৰ অতিথিশালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ ২০ সংখ্যক সভাৰ উদ্দেশ্য বাখ্যা কৰে।
অৰুণাচল প্ৰদেশৰ লোকনৃত্য পৰিবেশন কৰা উদ্বোধনী সভাত ৮২ টা এয়াৰ গান সমৰ্পন কৰা সকলৰ কেইজনমানক কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদবে বন বিভাগৰ হৈ প্ৰশংসা পত্ৰ প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানত জ্যেষ্ঠ বন বিষয়া অভিনব কুমাৰে অৰুণাচল প্ৰদেশৰ বনভূমিৰ খতিয়ান দাঙি ধৰে।
লগতে পঢ়কঃ২৬ বছৰীয়া চেপন চাহ বাগিচা মধ্য ইংৰাজী বিদ্যালয় বন্ধ হোৱাৰ দিশে