ধেমাজি, অংকুৰ নৰহ: ইংৰাজী মাধ্যমৰ শিক্ষা আৰম্ভ হোৱাৰ পৰিণতিত অৰুণাচলত অসমীয়া ভাষা-সাহিত্যলৈ দুৰ্দিন-দুৰ্ভাগ্য নামি আহিল ৷ আগতে বিদ্যালয়ত সুন্দৰকৈ অসমীয়া ভাষা শিকোৱা হৈছিল, অসমীয়া সাহিত্যৰ আনুষ্ঠানিক চৰ্চা হৈছিল৷ কিন্তু ইংৰাজী ভাষাত শিক্ষাৰ পাতনি মেলাত পৰৱৰ্তী প্ৰজন্মই অসমীয়াত লিখা তথা সাহিত্য চৰ্চা কৰাত প্ৰতিবন্ধকতা আহি পৰিল৷ এই মন্তব্য বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ ৷

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ধেমজি কাছাৰী ময়দানত আয়োজিত অসম গ্ৰন্থমেলাত অনুষ্ঠিত “অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে আলাপ”অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি তেওঁ এইদৰে কয়৷

‘কিতাপ গোট আৰু অৰুণাচল প্ৰদেশ লিটাৰেৰি ছ’চাইটি’ৰ সহযোগত আয়োজিত অনুষ্ঠানটোত ঠংচিয়ে লগতে কয়, ‘’ইংৰাজী মাধ্যমৰ শিক্ষা ব্যৱস্থাই বিপৰ্যয় মাতিলেও অৰুণাচল প্ৰদেশত এতিয়াও অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা ব্যক্তিগত উদ্যোগত অব্যাহত আছে৷ অৰুণাচলৰ ভিতৰুৱা অঞ্চলত মানুহে এতিয়াও অসমীয়া ভাষাই ব্যৱহাৰ কৰে৷ অসমীয়া ভাষাই অৰুণাচলৰ আপোন ভাষা ৷ নিজৰ ভাষা ৷’’

অৰুণাচল প্ৰদেশ লিটাৰেৰি ছ’চাইটিয়ে বিভিন্ন স্থানত থকা অসমীয়া ভাষা চৰ্চা কৰা সকলোকে বিচাৰি একত্ৰিত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘’বিভিন্নজনে অসমীয়াত গল্প, উপন্যাস ,কবিতা লিখি আছে৷ তেওঁলোকক উলিয়াই অনাৰ বাবে পদক্ষেপ লোৱা হৈছে। চৰ্চা হ’লে অৰুণাচলত অসমীয়া ভাষা পুনৰ আগৰ দৰেই জাতিষ্কাৰ হৈ উঠিব ৷”

অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি কবি-লেখক আত’ লেগোৱে বহু কেইটা ছন্দোৱদ্ধ কবিতা পাঠ কৰি আৱেগেৰে কয়, “অসমত এনেদৰে কবিতা পাঠৰ এই অভিজ্ঞতা বৰ আনন্দদায়ক ৷ আমি আখৰ বুলিলে অসমীয়া আখৰহে চিনি পাওঁ৷ ইয়াত অসমীয়া কিতাপবোৰ দেখি মন ভৰি পৰিছে৷”

আন এগৰাকী আমন্ত্ৰিত অতিথি মাদিং পাৰ্টিনে কয়, “মোৰ আজি জোনবাইত থিয় দিয়া যেন অনুভৱ হৈছে৷ জীৱনজুৰি অসমীয়া ভাষা-সাহিত্য চৰ্চা কৰি আহিছোঁ কিন্তু এনেদৰে ৰজহুৱাভাৱে গল্প-কবিতা পাঠ কৰা এয়াই  প্ৰথম ৷ এই প্ৰচেষ্টাই অসম-অৰুণাচলৰ সম্প্ৰীতি আৰু সুদৃঢ় কৰিব ৷”

আন এগৰাকী আমন্ত্ৰিত অতিথি বাটেম পাৰ্টিনে অসমীয়া ভাষা অৰুণাচলৰ মানুহৰ তেজত জীয়াই থকা বুলি উল্লেখ কৰি কয় যে ষড়যন্ত্ৰমূলকভাৱে শিক্ষাৰ মাধ্যমৰ পৰা অসমীয়া ভাষা উঠাই দিয়াৰ বাবেহে ভাষাটো বিপৰ্যয়ত পৰিছে৷ অৰুণাচল চৰকাৰৰ গৱেষণা বিভাগৰ অৱসৰ প্ৰাপ্ত সঞ্চালক পাৰ্টিনে অসমীয়া ভাষাক উত্তৰ-পূবৰ  সংযোগী ভাষা ঘোষণা কৰিবলৈ আহ্বান জনায়৷

একেদৰে আমন্ত্ৰিত অতিথি হেংকাৰ ৰ’কম বাদুৱেও অসমীয়া ভাষা অৰুণাচলৰ মানুহৰ প্ৰাণৰ ভাষা মন্তব্য কৰে ৷ “অসমীয়া ভাষাই সমগ্ৰ উত্তৰপূৰ্বাঞ্চলত মিলন সেতু গঢ়িব পাৰে৷ অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰা আজিৰ এই অনুষ্ঠানে আশাৰ ৰেঙনি কঢ়িয়াইছে,” তেওঁ কয়। অনুষ্ঠানত বাদুৱে এটি স্বৰচিত কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে৷

আমন্ত্ৰিত অতিথিৰূপে আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰা কবি কালিং ব’ৰাঙে দুখেৰে কয়, “শিক্ষাৰ মাধ্যমৰ পৰা অসমীয়া ভাষা উঠাই দিয়াৰ পৰা অৰুণাচলত নিজৰ এই আপোন ভাষাটো কোৱা আৰু চৰ্চা কৰা মানুহৰ সংখ্যা কমি আহিছে ৷ কিন্তু আমি পুৰনি মানুহখিনিয়ে অসমীয়া ভাষাকে মাতৃ ভাষা বুলি পূজা কৰোঁ ৷ আমাক যদিও ৰাজনৈতিকভাৱে বিভাজিত কৰা হ’ল আমি কিন্তু হৃদয়ৰ পৰা একেই৷ ভাষাৰ প্ৰতি প্ৰেমে আমাক অৰুণাচলৰ হোৱাৰ পাছতো অসমীয়া কৰি ৰাখিছে ৷”

তেওঁ অৰুণাচলত পুনৰ অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা ব্যাপক কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ অসম প্ৰকাশন পৰিষদ আৰু অৰুণাচল প্ৰদেশ লিটাৰেৰি ছ’চাইটিক আহ্বান জনায়৷

লগতে পঢ়ক – লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা নিশেষ কৰাটো ‌এক আত্মঘাতী প্ৰক্ৰিয়া: ইছমাইল হোছেইন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply