লখিমপুৰঃ লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত পুনৰ অৰুণাচলীৰ তাণ্ডৱ।
কাকৈ সংৰক্ষিত বনাঞ্চলত গছ পুলি ৰোপন কৰিবলৈ যোৱা বনবিভাগৰ লোকক বাধা প্ৰধান অৰুণাচলী লোকৰ।
জুনু গাঁওখনৰ এলেকা নিজৰ বুলি দাবী অৰুণাচলী দুষ্কৃতিকাৰীৰ।
হাতত দা, কটাৰী লৈ অসমৰ বনবিভাগৰ লোকক ভাবুকি প্ৰদান অৰুণাচলীৰ।
পুনৰবাৰ এই এলেকাত প্ৰৱেশ নকৰিবলৈ সকীয়নী দিয়ে দুস্কৃতিকাৰীয়ে।
অৰুণাচলী গাওঁবুঢ়া উপস্থিত থকা অৱস্থাতে অসমৰ বনবিভাগৰ দলক অপদস্থ কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।