সোণাৰি: চৰাইদেউ জিলাৰ অসম-অৰুণাচলপ্ৰদেশ সীমান্তৰ চৰাইপুং অঞ্চলৰ প্ৰায় ২৪০০ হেক্টৰ মাটি এতিয়া অৰুণাচলী বেদখলকাৰীৰ কবলত। অসমৰ মাটিত অৰুণাচলীলোকে স্থায়ীভাৱে ঘৰ সাজি বসবাস কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপনৰ ওপৰিও অৰুণাচল প্ৰদেশৰ প্ৰশাসনে অসমৰ মাটিত সাজি দিছে শিক্ষানুষ্ঠান।
চৰাইদেউ জিলাৰ চৰাইপুঙৰ বৃহৎ অংশ মাটি অৰুণাচল প্ৰদেশৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি শিক্ষানুষ্ঠান, বিদ্যুৎ সংযোগ, ৰাস্তাঘাট নিৰ্মাণৰ লগতে অসমৰ মাটিত সংস্থাপিত কৰিছে অৰুণাচল প্ৰদেশৰ চৰকাৰী গাঁওবুঢ়া। তাৰ পিছতো কিন্তু নীৰৱ দৰ্শক অসমৰ প্ৰশাসন।
আনহাতে ২০১০ চনত অসমৰ চৰাইপুং আৰক্ষী থানাৰ গৃহ একাংশ অৰুণাচলী দুষ্কৃতিকাৰীয়ে ভাঙি পেলোৱাত সেই সময়ৰ ৰাজ্যৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইনকে ধৰি অসম চৰকাৰৰ মন্ত্ৰী, আৰক্ষীৰ শীৰ্ষ বিষয়া তথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ২৯ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাই ঘটনাস্থলী পৰিদৰ্শন কৰিছিল।
লগতে পঢ়কঃতেজপুৰত ধৰ্ষণৰ বলি হ’ল ৩বছৰীয়া শিশু
সীমান্ত অঞ্চল পৰিদৰ্শন কৰি থকা অৱস্থাতে সীমান্ত অঞ্চলত অৰুণাচলীয়ে গুলী ফুটোৱাই আন এক উত্তেজনাময় পৰিস্থিতিৰো সৃষ্টি কৰিছিল।
তেনে পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ মন্ত্ৰী তথা আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে অসমৰ এক ইঞ্চি মাটিও বেদখল কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰিছিল।
কিন্তু সেই হুংকাৰ তথা সীমান্তবাসীক দিয়া আশ্বাস ফুটুকাৰ ফেনত পৰিণত হ’ল। পৰিৱৰ্তন নহ’ল অঞ্চলটোৰ পৰিস্থিতিৰ। যাৰ ফলত চৰাইপুঙত এতিয়াও অব্যাহত আছে অৰুণাচলীৰ দপদপনি।