গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ এক সৰ্ববৃহৎ আঁচনি অৰুণোদয় আঁচনি। এই আঁচনিৰ এটা উদ্দেশ্য আছিল ইয়াৰ জৰিয়তে ২২লাখ জনগণৰ বাবে মাহিলী আয় নিশ্চিত কৰা। লগতে এই আঁচনিৰ আন এটা দিশ হৈছে মহিলাসবলীকৰণ। অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে ১২৫০ টকা লাভ কৰাৰ বিপৰীতে অহা বছৰৰ পৰা ৩ হাজাৰ টকালৈ ধন বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। শুক্ৰবাৰে খানাপাৰাস্থিত পশু চিকিৎসালয় ফিল্ডত অনুষ্ঠিত হোৱা ক্ষুদ্ৰ, বিত্ত আৰু মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
মাইক্ৰ’ফাইনেন্সৰ ঋণ গ্ৰহণ কৰা মহিলা সকলক সকাহ দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা সুদূৰপ্ৰসাৰী পদক্ষেপৰ অংশস্বৰূপে “অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১”ৰ অধীনত কামৰূপ মহানগৰ জিলাৰ ৩৬,৯৮৩ গৰাকী হিতাধিকাৰীৰ মাজত সৰ্বমুঠ ৬৮,৭৯,৯৮,৪৯৯ টকা মূল্যৰ চেক সমূহ বিতৰণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। একেদৰে অৰুণোদয় আঁচনিৰ অধীনত ৩৫ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য বান্ধিছে চৰকাৰে। উক্ত অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ পৰিচালন সঞ্চালিকা ৰূপালী কলিতা।
উল্লেখ্য যে, ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰে এই আঁচনিখন উন্মোচন কৰিছিল। এই আঁচনিখনৰ মাধ্যমেৰে প্ৰতি মাহে মহিলাসকলে লাভ কৰিছিল ৮৩০ টকা। তাৰ পিছত এই ধনৰ পৰিমাণ ১০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে।
লগতে পঢ়কঃআজাদি কা অমৃত মহোৎসৱ উপলক্ষে বি এছ এফৰ দেশভক্ত মূলক সংগীতানুষ্ঠান