গুৱাহাটী : বি টি আৰ অঞ্চলত ‘অৰুণােদয়’ আৰু নৱৰূপত ‘স্বয়ম’ আঁচনি দুখনৰ ৰূপায়ণৰ প্রস্তুতি পর্যালােচনা কৰাৰ উদ্দেশ্যৰে শুকুৰবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বৰ শৰ্মাৰ পৌৰােহিত্যত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আঁচনি দুখনৰ সফল ৰূপায়ণৰ বিভিন্ন দিশ বিতংভাৱে পর্যালােচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে আঁচনি দুখনৰ সফল ৰূপায়ণৰ বাবে দ্রুততাৰে পদক্ষেপ গ্রহণ কৰিবলৈ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰুওদালগুৰি জিলাৰ উপাযুক্তক নির্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে জিলাৰ হিতাধিকাৰীৰ তালিকা শীঘ্ৰে চূড়ান্ত কৰিবলৈ চাৰিওখন জিলাৰে উপাযুক্তক নির্দেশ দিয়ে। এই ক্ষেত্ৰত অঞ্চলটোৰ জনপ্রতিনিধিসকলৰ লগত আলােচনা কৰি প্রকৃত হিতাধিকাৰীৰ তালিকা প্রস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে ‘অৰুণােদয়’ আঁচনি ৰূপায়ণৰ কাম অহা মাহৰ পৰা আৰম্ভ কৰিবলৈ নির্দেশ দিয়ে। উল্লেখ্য যে এই আঁচনিখনৰ জৰিয়তে অর্থনৈতিকভাৱে দুর্বল পৰিয়ালৰ মহিলাক সৱলীকৰণ কৰিব বিচৰা হৈছে। প্ৰতিটো পৰিয়ালৰ মহিলাগৰাকীয়ে প্রতিমাহে প্রত্যক্ষ হস্তান্তৰৰ জৰিয়তে ৮৩০ টকা এই আঁচনিৰ জৰিয়তে লাভ কৰিব।

এই আঁচনিখন ২০২০ চনৰ ২ ডিচেম্বৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছিল যদিও বিটিচিৰ নিৰ্বাচনৰ বাবে অঞ্চলটোত আঁচনিখন ৰূপায়ণ কৰা হােৱা নাছিল।।আনহাতে বৈঠকতে নৱৰূপত ‘স্বয়ম’ আঁচনিখন ৰূপায়ণৰ বিভিন্ন দিশ আলােচনা কৰা হয়। বি টি আৰ এলেকাত এই আঁচনিখন অহা জুন মাহৰ ভিতৰত ৰূপায়ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। উল্লেখ্য যে এই আঁচনিখনৰ জৰিয়তে ব্যক্তিগত তথা সামূহিক গােটক নতুন ব্যৱসায় অথবা ব্যৱসায় সম্প্রসাৰিত কৰাৰ বাবে আর্থিক সহযােগিতা আগবঢ়োৱা হয়। কৃষি আৰু আনুষংগিক খণ্ড, গ্রাম্য উদ্যোগ, গ্রাম্য শিল্পক শক্তিশালীকৰণৰ বাবে এই আঁচনিখন ইতিমধ্যে শুভাৰম্ভ কৰা হৈছে।

আৰু পঢ়কঃ গেছচালিত শ্মশান পুনৰ কাৰ্যক্ষম কৰাৰ পদক্ষেপ গুৱাহাটী পৌৰ নিগমৰ

বৈঠকত চাৰিওখন জিলাৰ উপায়ুক্ত কেইগৰাকীয়ে হিতাধিকাৰীৰ পৰিসংখ্যা, আঁচনি দুখনৰ সাম্প্রতিক স্থিতি ইত্যাদিৰ সৱিশেষ মুখ্যমন্ত্ৰীক অৱগত কৰে। বৈঠকত গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন ইত্যাদি বিভাগৰ মন্ত্রী অশােক সিংঘাল, হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, সাংসদ দিলীপ শইকীয়া, বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমােদ বড়াে, বিধায়ক, বিটিআৰৰ কাৰ্যবাহী সদস্য, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ সিনহা, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ উপাযুক্ত আৰু অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply