নিউজ ডেস্ক: অৰুণোদয় আঁচনিৰ নামত বৃহৎ কেলেংকাৰী। এইবাৰ এই আঁচনিৰ নামত কেলেংকাৰীৰ অভিযোগ আনিলে খোদ শাসকীয় দলৰ ছিপাঝাৰৰ বিধায়কৰ পৰমানন্দ ৰাজবংশীয়ে। অৰুণোদয় বঞ্চিত একাংশ মহিলাৰ হৈ উত্তৰ বিচাৰি বিধায়ক পৰমানন্দ ৰাজবংশী মঙ্গলবাৰে উপস্থিত হয় উপায়ুক্তৰ কাৰ্যালযত। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰীৰ অভিযোগ তোলে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে।

মঙ্গলবাৰে আবেলি দুই বিধায়কে দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাতেক সাক্ষাৎ কৰি অভিযোগ প্ৰদান কৰে। কেৱল মহিলা বা বিধায়কে নহয় উপায়ুক্তক অৰুণোদয় আঁচনিত বৃহৎ খেলিমেলিৰ অভিযোগ দিয়ে দৰং জিলাৰ পঞ্চায়ত সমূহৰ সভাপতি সকলেও। দৰঙৰ উপায়ুক্ত কাৰ্য্যালয়ৰ বিষয়াসকলে ধনৰ বিনিময়ত প্ৰকৃত তালিকাৰ বিপৰীতে নিজৰ পছন্দৰ লোকৰ নাম অন্তৰ্ভূক্তি কৰাৰ অভিযোগ উত্থাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply