অসম বিধান সভাৰ বাজেট অধিবেশনত বিত্ত মন্ত্রী অজন্তা নেওগে ৰাজ্যত শিশু মাতৃৰ মৃত্যুৰ হাৰ কমোৱাত অংগনবাদী সকলৰ অৰিহনা অধিক বুলি মন্তব্য কৰাৰ বাবেই ক্ষোভত ফাটি পৰিছে আশা কৰ্মীসকল। ইয়াৰ অভিযোগ তুলি আজি লখিমপুৰত আশা কৰ্মী সন্থাই মন্ত্রী গৰাকীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷


অজন্তা নেওগ মিছলীয়া, অজন্তা নেওগে ক্ষমা খোজক আদি শ্লোগান বৰ্ষণ কৰি জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্য্যালয়ৰ সন্মুখত আশা কৰ্মী সন্হাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
আশা কৰ্মীসকলৰ দাবী ২০০৫ চনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত তেওলোকৰ নিযুক্তি হৈছিল শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ কমোৱাৰ বাবে ।

তেওলোকৰ কামৰ সফলতা মন্ত্ৰী গৰাকীয়ে অংগনবাদী কৰ্মীসকলক দিয়াৰ বাবেই এই প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে সন্থাই তেওলোকৰ চাকৰি নিয়মীয়া কৰণ কৰিবলৈও চৰকাৰ তথা মুখ্য মন্ত্রীক দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply