তেজপুৰৰ নুৰবাৰী চাহ বাগিচাত ক’ভিড সম্পৰ্কীয় কামত আশা কৰ্মী সকলে কাম নকৰাৰ সিদ্ধান্ত লৈছে।
ক’ভিড পজিটিভ এগৰাকী সাত মহীয়া গৰ্ভৱতী মহিলা আৰু তেওঁৰ স্বামীৰ অশ্লীল ব্যৱহাৰক কেন্দ্ৰ কৰি ক্ষুন্ন হৈ পৰা আশা কৰ্মী সকল । এওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে নুৰবাৰী চাহ বাগিচাত ক’ভিডৰ কোনো কাম নকৰাৰ হুংকাৰ দিছে।
উল্লেখ্য যে,২৭ মে’ত গৰ্ভৱতী মহিলা গৰাকীক পৰোৱা ক’ভিড কেয়াৰ চেণ্টাৰত পৰীক্ষা কৰাত পজিটিভ ওলোৱাত তেজপুৰ মেডিকেল কলেজলৈ ১০৮ যোগে লৈ যোৱা হৈছিল।
লগতে পঢ়ক মহানগৰী গুৱাহাটীক বানমুক্ত কৰাৰ উদ্দেশ্যে গুৱাহাটী উন্নয়ন মন্ত্রীৰ গুৰুত্বপূৰ্ণ সভা
মেডিকেল কলেজৰ পৰা মহিলা গৰাকীৰ স্বামীয়ে ক’ভিড পজিটিভ স্বতেও পত্নীক লৈ আহে আৰু নুৰবাৰী বাগানত অপপ্ৰচাৰ চলাই যে আশা কৰ্মী সকলে নিগেটিভ হ’লেও ক’ভিড পজিটিভ বুলি দেখুৱাই। আশা কৰ্মীসকলে জনোৱা মতে গৰ্ভবতী মহিলা গৰাকীৰ স্বামীয়ে তেওলোকক বেয়া ব্যবহাৰ কৰাৰ লগতে নিগেটিভ ৰিপ’ৰ্ট দেখুৱাব পৰা নাই ।
বাগান কৰ্তৃপক্ষইও মহিলা গৰাকীৰ পজিটিভ হোৱা বুলি উল্লেখ কৰিছে । বৰ্তমান সময়ত কোনো সা সুবিধা বিহীন ভাবেই ক’ভিড ৰোগী গৰাকীক ঘৰতেই ৰখা বুলি আশা কৰ্মীসকলে অভিযোগ কৰিছে ।
বৰঞ্চ গৰ্ভৱতী মহিলা গৰাকীক তেজপুৰ মেডিকেল কলেজত পৰীক্ষা কৰাওতে পজিটিভ ওলাইছিল। ক’ভিড পজিটিভ ৰোগীগৰাকীক কেনেদৰে তেজপুৰ মেডিকেল কলেজ হাস্পাতালৰ লৈ আনিব পাৰিলে সেই বিষটোও তদন্ত হোৱাৰ দাবী কৰিছে ।
লগতে পঢ়ক মাথো এটা ক্লিকতেই জানিব পাৰিব আপোনাৰ ক’ভিড পৰীক্ষাৰ ৰিপৰ্ট