গুৱাহাটী : সুদীৰ্ঘ ২৩ বছৰ পুৰণি এটা গোচৰৰ সংক্ৰান্তত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা অশোক শইকীয়াৰ জামিন মঞ্জুৰ কৰিলে আদালতে। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অশোক শইকীয়াৰ জামিন মঞ্জুৰ কৰে। দেওবাৰ চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল অশোক শইকীয়াক। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়া।
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াক দেওবাৰে নিশাৰ ভাগত এছকাৰ্ড বেংকৰ ৯ লাখ ৩৭ হাজাৰ টকাৰ অনাদায় ঋণৰ গোচৰত চিবিআইৰ কলকাতাৰ এটা দলে সৰুমটৰীয়াৰ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । দেওবাৰে গ্ৰেপ্তাৰ কৰা অশোক শইকীয়াৰ জামিন সোমবাৰে মঞ্জুৰ কৰে আদালতে। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে সোমবাৰে অশোক শইকীয়াৰ জামিন মঞ্জুৰ কৰে।
বেংকৰ ঋণ কেলেংকাৰীত অভিযুক্ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰক দেওবাৰে নিশা চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। এছকাৰ্ড বেংকৰ ঋণ কেলেংকাৰী সন্দৰ্ভত ২০২/৯৮ নম্বৰত পল্টন বজাৰ থানাত এক গোচৰ ৰুজু হৈছিল।
উক্ত গোচৰৰ তদন্তৰ দায়িত্ব ২০০১ত চিবিআইৰ হাতত অৰ্পণ কৰা হৈছিল। চিবিআইৰ কলকাতা শাখাত ৫/ই/২০০১ আৰু ৬/ই/২০০১ নম্বৰত গোচৰ ৰুজু হৈছিল। ২০১৩ চনত ৬/ই/২০০১ গোচৰত দোষী সাব্যস্ত হৈছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়া।
লগতে পঢ়ক : মুখ্যমন্ত্রীয়ে পাণ্ডুঘাটত মুকলি কৰিলে চাৰিখন অত্যাধুনিক প্ৰযুক্তিৰ জাহাজ
গ্ৰেপ্তাৰ হোৱাৰ পিছতেই অশোক শইকীয়াই তেও ১৯৯৬ চনতে লোৱা ঋণ সম্পূৰ্ণ ৰূপে পৰিশোধ কৰিছিল বুলি জনোৱাৰ লগতে তেওক এছকাৰ্ড বেংকৰ জেনেৰেল মেনেজাৰ ইনচাৰ্জে ২০১৫ চনৰ ২৮ অক্টোবৰত বেংকৰ সৈতে কোনো লেন দেন নাই বুলি পত্ৰযোগে অবগত কৰিছিল বুলিও জনাই | সোমবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অশোক শইকীয়াৰ জামিন মঞ্জুৰ কৰে। অশোক শইকীয়া প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ভাতৃ।