ডুবাই অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত দুর্দান্ত প্রদর্শনেৰে ফাইনেলত প্রৱেশ কৰা অসমৰ শিৱ থাপাই অৱশেষত ৰূপৰ পদকতে ক্ষান্ত থাকিব লগীয়া হয়।
সোমবাৰে অনুষ্ঠিত ৬৪ কেজিৰ চূড়ান্ত প্ৰতিযোগিতা শিৱ থাপা মংগোলিয়াৰ বাটাৰচুখ চিনজৰিগৰ বিৰুদ্ধে ২-৩ ব্যৱধানত পৰাজয় বৰণ কৰে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা অনুষ্ঠিত ৬৪ কেজিৰ ছেমি ফাইনেলত শিৱ থাপাই তাজিকিস্তানৰ শীর্ষ বাছনিপ্রাপ্ত তাৰকা বাখ’ডুৰ ওছম’নভক ৪–০ৰ ব্যৱধানত পৰাস্ত কৰিছিল।
আনহাতে, শিৱ থাপাৰ উপৰি মহিলাৰ ৬৯ কিলো শাখাত অসমৰ লাভলিনা বৰগোহাঁয়ে এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২১-ত ব্ৰঞ্জৰ পদক লাভ কৰে।
উল্লেখযোগ্য এইবাৰ অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ একমাত্ৰ পূজা ৰাণী (৭৫ কিল’গ্ৰাম-য়ে স্বৰ্ণ অৰ্জন কৰিবলৈ হয়। তেওঁ উজবেকিস্তানৰ মাভলুদা মোভলোনোভাক ৫-০ ব্যৱধানত পৰাস্ত কৰে।