নিউজ ডেস্কঃ গুৱাহাটীত অনুষ্ঠিত ‘এছিয়ান কনফাৰেঞ্চ ৰিভাৰ কনক্লেভ, ২০২২’ৰ অন্তিম দিনৰ কাৰ্যসূচী। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পুৱাই মহানগৰীত উপস্থিত হয় কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন। বৰঝাৰ বিমান বন্দৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাই মন্ত্ৰী অজন্তা নেওগে।
ইফালে, আজিৰ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে। তেওঁ কয় যে- ‘এছিয়ান কনফাৰেঞ্চ’ৰ উদ্যোগত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সহযোগত আয়োজিত নদী-৩.০ৰ যোগেদি অসম চৰকাৰে BBIN, ASEAN আৰু BIMSTEC অঞ্চলত উপ-আঞ্চলিক সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে।
এছিয়াৰ ভিতৰতে এক উল্লেখযোগ্য নদী ক্ৰুজ হাব হিচাপে অসমক গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে। তদুপৰি, আছিয়ান আৰু বাংলাদেশৰ সৈতে স্থলপথ, ৰে’লৱে আৰু আকাশী পথৰ দ্বাৰা ভাৰতৰ সংযোগৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হাতত লৈছে।
আজিৰ অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেওগ, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, এছিয়ান কনফ্লুয়েন্সৰ অধ্যক্ষ এম পি বেজবৰুৱা, কাৰ্যবাহী সঞ্চালক সব্যসাচী দত্তকে ধৰি বহু কেইগৰাকী লোক উপস্থিত থাকে।