গুৱাহাটী,ছৰফৰাজ খানঃ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত সদ্যসমাপ্ত এছিয়ান ডান্সস্কেট স্পৰ্টছ চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰা মেহল আগৰৱালাক সম্বৰ্ধনা জনোৱা হয় । নেপালত যোৱা ৩১ মে- ১ জুনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত মেহলে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ১২ আৰু ১৪ বছৰ অনুৰ্দ্ধ ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ পদক দুটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।

প্ৰথমবাৰৰ বাবে আয়োজিত এছিয়ান ডান্সস্কেট চেম্পিয়নশ্বিপত ভাৰতৰ ২৩ জনীয়া দলে অংশগ্ৰহণ কৰে। মাৰ্চত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি যোগে ভাৰতীয় দলটো গঠন কৰা হৈছিল । এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰাৰ সূত্ৰে মেহলে ইউৰোপত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ডান্সস্কেট চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰে। এই উপলক্ষে আয়োজিত সংবাদমেলত উপস্থিত থাকে অসম ডান্সস্কেট সন্থাৰ সভাপতি উদয় বৰগোঁহাই, কোষাধ্যক্ষ সৰিতা যাদৱ, অসম ৰোলাৰ স্কেটিং সন্থাৰ সম্পাদক অনুপম শৰ্মা, মেহলৰ পিতৃ গুৱাহাটী আঠগাঁৱৰ বিশিষ্ট ব্যৱসায়ী বিকাশ আগৰৱালা, মাতৃ সন্তোষ আগৰৱালা ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply