নিউজ ডেস্কঃ ভাৰতৰ মহিলা দলে আজিৰে পৰা আৰম্ভ হোৱা চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত জয়ৰে অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে গ্ৰুপৰ প্ৰথম লীগ মেচত আজি ভাৰতৰ মহিলা দলে ইনিংছ আৰু ৫৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে শ্ৰীলংকাক। উল্লেখ্য যে অসমৰ ৰঞ্জনা শৰনীয়াও আছে চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত খেলা ভাৰতীয় মহিলা দলত ৷
এছিয়াৰ নখন দেশৰ অংশগ্ৰহণৰে তামুলপুৰত আৰম্ভ হৈছে চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশিপ। পুৰুষ আৰু মহিলাৰ প্ৰতিযোগিতাখনত ভাৰতৰ পুৰুষ দলে গ্রুপ ‘এ’ত স্থান লাভ কৰিছে নেপাল, ইৰাণ আৰু ভূটানৰ লগত। পুৰুষৰ গ্ৰুপ ‘বি’ত আছে বাংলাদেশ, শ্রীলংকা, ইণ্ডোনেছিয়া আৰু কোৰিয়া। ইফালে, ভাৰতৰ মহিলা দলে গ্রুপ ‘এ’ত আছে শ্রীলংকা, ভূটান আৰু মালয়েছিয়াৰ লগত। মহিলাৰ গ্ৰুপ ‘বি’ত বাংলাদেশ, নেপাল, দক্ষিণ কোৰিয়া আৰু ইণ্ডোনেছিয়া।
প্রতিযোগিতাৰ আজি হোৱা অন্য মেচত পুৰুষ শাখাৰ লীগ মেচত বাংলাদেশে পৰাস্ত কৰে দক্ষিণ কোৰিয়াক আনহাতে, নেপালে জয়লাভ কৰে ইৰাণৰ বিৰুদ্ধে। পুৰুষৰ অন্য এখন মেচত শ্রীলংকাই পৰাস্ত কৰে ইণ্ডোনেছিয়াক। আনহাতে, মহিলাৰ লীগ মেচত মালয়েছিয়াৰ বিৰুদ্ধে জয়লাভ কৰে ভূটানে। ইফালে, বাংলাদেশে পৰাস্ত কৰে ইণ্ডোনেছিয়াক।
ইয়াৰ পূৰ্বে বাৰেৰহণীয়া সংস্কৃতিক অনুষ্ঠানৰ মাজেৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰা হয় উদ্বোধনী অনুষ্ঠানত বিশিষ্ঠ অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ দুই মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু নন্দিতা গালোৰ্ছা।
আনহাতে, এছিয়ান খো-খো ফেডাৰেছনৰ সচিৱ ৰাজীৱ মেহতা, ভাৰতীয় খো-খো ফেডাৰেছনৰ সভাপতি সুধাংশু মিট্রাল আৰু সচিৱ প্ৰধান এম এছ ত্যাগী, বাংলাদেশৰ ৰাষ্টদূত ৰুহুল আমিন, দুই অলিম্পিয়ান হকী খেলুৱৈ সৰিতা কাটাৰিয়া, মহিলা মল্লযোদ্ধা ববিতা ফ’গাত, অসম খো খো সন্থাৰ অধ্যক্ষ তথা বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়ো, অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, বিশিষ্ট সাংবাদিক সমুদ্রগুপ্ত কাশ্যপ, মনোজ কুমাৰ গোস্বামী, সঞ্জিৱ নাৰায়ন, ফনী শৰ্মা আদি।
উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানত অন্য সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্রিয় কণ্ঠশিল্পী ড° সংগীতা কাকতিয়ে মুঠ ১৬ টা ভাষা সন্নিবিষ্ট থকা প্রতিযোগিতাৰ থীম ছং পৰিবেশন কৰে ।