গুৱাহাটী : সাম্প্ৰতিক সময়ত কাৰাগাৰ সমূহত বিভিন্ন সংস্কাৰমুখী পদক্ষেপ হাতত লোৱা হৈছে। কাৰাগাৰ মুখ্যালয়ৰ উদ্যোগত কুড়িখন কাৰাগাৰত চৌষত্তৰ জন হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা, চি বি এছ চিৰ শেষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া কাৰাবাসী সকলৰ সন্তান সকলৰ বাবে আয়োজন কৰা হৈছে আশীৰ্বাদ অনুষ্ঠানৰ।

তাৰেই অংশ হিচাপে কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত এক আশীৰ্বাদ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই আশীৰ্বাদ অনুষ্ঠান অসম কাৰাগৰ বিভাগৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। যি সকল কাৰাবাসীৰ সন্তানে এই বেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা, চি বি এছ চিৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব সেইসকল শিক্ষাৰ্থীক উৎসাহিত আৰু প্ৰেৰণা দিয়াৰ অৰ্থে এই আশীৰ্বাদ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আৰম্ভণিতে কাৰাগাৰ মহাপৰিদর্শক বৰ্ণালী শৰ্মাই এই আশীৰ্বাদ অনুষ্ঠানৰ উদ্দেশ্য, লক্ষ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰি সকলোকে আদৰণি জনোৱাৰ লগতে কাৰাবাসীৰ অধ্যয়নৰত সন্তান সকলক শুভেচ্ছা জ্ঞাপন কৰে। তাৰ পিছত কাৰাবাসী ৰাজু ছন্দই পৰিবেশন কৰা এটা সুন্দৰ গীতৰ পিছতেই এই আশীৰ্বাদ অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই।

অনুষ্ঠানৰ শুভাৰম্ভ কৰি তেওঁ কয় যে এই অনুষ্ঠানৰ আয়োজন সমাজৰ বাবে এক উল্লেখযোগ্য অৱদান হ’ব। কাৰাবাসীৰ সন্তান সকলে শিক্ষা লাভ কৰা আৰু নিজক ভাল মানুহ হিচাপে পৰিগণিত কৰাত এক সুন্দৰ নিদৰ্শন দাঙি ধৰিব বুলি তেওঁ কোৱাৰ লগতে শিক্ষাৰ্থী সকলে পৰীক্ষাৰ সময়ত কেনেদৰে অধ্যয়ন কৰিলে ভাল ফলাফল পোৱা যাব সেই বিষয়ে ফলপ্ৰসু বক্তব্য আগবঢ়ায়।

ইয়াৰ পিছত কাৰাবাসীৰ শিক্ষাৰ্থী সন্তান সকলক কিতাপ, কাগজ, কলম ,বেগৰ লগতে আৰু কিছু প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলাৰে আদৰণি জনোৱা হয়। ইয়াৰ পিছত কাৰাগাৰ উপ- মহাপরিদর্শক দিলীপ শইকীয়া, প্ৰদীপ কুমাৰ ব্ৰহ্ম, এ আই জি নবজ্যোতি শৰ্মাই শিক্ষাৰ্থী সকলক বহুত মূল্যবান পৰামৰ্শ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে।

তাৰ পিছত আবাসী মোহিত হোজাই আৰু যুৱৰাজ কলিতাই কাৰাগৰ কৰ্তৃপক্ষৰ এই পদক্ষেপক প্ৰশংসা কৰে আৰু নিজৰ সন্তানক আজি ওচৰতে পাই আবেগিক হোৱা বুলি ব্যক্ত কৰে। আশীৰ্বাদ অনুষ্ঠানত উপস্থিত থকা সন্তান সকলেও আবেগিক হৈ মনৰ ভাৱ প্ৰকাশ কৰে আৰু কাৰাগৰ বিভাগৰ এই ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰে। তাৰ পিছত যোগবিদ হৰি প্ৰসাদ তালুকদাৰে বক্তব্য আগবঢ়ায়। কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰে সভাখন আঁতধৰাৰ উপৰিও সংস্কাৰ মুখী সকলো কামতে সকলোৰে সহায় সহযোগিতা কামনা কৰে।

লগতে পঢ়ক : কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ভিত্তিত বক্তৃতা প্ৰতিযোগিতা

তাৰ পিছত কাৰাধ্যক্ষ কল্যাণ চৌধুৰীয়ে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথৰ জীৱনৰ উপমাৰে সকলোকে শলাগৰ শৰাই আগবঢ়ায়। এই অনুষ্ঠানতৰ শেষত সকলোৱে এক প্ৰীতিভোজত মিলিত হয়। এই প্ৰীতিভোজৰ জৰিয়তে আবাসী, সন্তানৰ মাজৰ দীৰ্ঘদিনৰ বিৰতি আঁতৰাই আগন্তুক দিনত প্ৰকৃত মানুহ গঢ়াত সহায়ক হ’ব বুলি সকলোৱে অভিমত প্ৰকাশ কৰে আৰু অনুষ্ঠানৰ সামৰণি পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply