চুকাফাৰ সমাধীস্থল অসুৰক্ষিত তথা বেদখলকাৰীৰ কৱলত

সোণাৰি : ৰাজ্যজুৰি আজি বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকফাক সোঁৱৰিছে অসমবাসীয়ে। কিন্তু অতি পৰিতাপৰ কথা চাওলুং চুকাফাৰ সমাধীস্থল আজি অসুৰক্ষিত তথা বেদখলকাৰীৰ কৱলত।

চুকাফা দিৱস উপলক্ষে আজি চুকাফা মৈদামত উপস্থিত হৈ অসমীয়া জাতিৰ পিতৃপুৰুষ জনলৈ তৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰি চাওলুং চ্যুকাফা মৈদাম সংৰক্ষণ আৰু বেদখল মুক্ত কৰাৰ দাবী জনালে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি উদ্ধাৰ নোহোৱাকৈ থকা চুকাফাৰ মৈদাম ২০১৫ চনত উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত অৱহেলিত অৱস্থাত থকা মৈদামটো সংৰক্ষণ আৰু বেদখলমুক্ত কৰিবলৈ চৰকাৰক বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো আজিলৈকে কাৰ্যক্ষেত্ৰত পৰিলক্ষিত নহল।

চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সমীপত তিনিশ ফুট উচ্চতাৰ চুকাফাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ দাবী জনাইছে টাই আহোম যুৱ পৰিষদ অসমৰ তৰফৰপৰা। আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ো চুকাফাৰ মৈদাম সংৰক্ষণ কৰিবলৈ দাবী উত্থাপন কৰিছে‌

সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

আটাছু চুকাফা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত দিৱসৰ বৰঅসমৰ প্রতিষ্ঠাতা চাওলুং চুকাফাৰ সমাধিক্ষেত্ৰ বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে সোনাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

ইয়াৰ পিচত চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ লগেলগেই মৈদাম প্ৰাংগনত আহোমৰ ৰীতি নীতিৰে পৰম্পৰাগতভাৱে পুলিন পুথাও সকললৈ শ্ৰদ্ধা জনাই বানফি পূজা আৰম্ভ কৰে টাই পুৰুহিত হীৰেন ফুকনে ৷ ইফালে চৰাইদেউৰ সোণাৰি ভাগৱতী প্ৰসাদ সোঁৱৰণি খেলপথাৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কেন্দ্ৰীয়ভাৱে অসম দিৱস উদযাপন কৰিছে ৷

লগতে পঢ়ক- উদ্যোগপতি-সমাজকৰ্মী ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply