গুৱাহাটীঃ ৰাজ্যত তীব্ৰ হাৰত বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা।

ৰাজ্যত বিগত ২৪ঘণ্টাত ১৮৪৪জন লোক আক্ৰান্ত হৈছে কভিড১৯ত।

বিগত ৪টা দিনত ৰাজ্যত ৫০ জন COVID আক্ৰান্তৰ মৃত্যু হৈছে।

আনহাতে শিক্ষানুষ্ঠান সমূহতো শিক্ষক-কৰ্মচাৰীকে ধৰি শিক্ষাৰ্থী আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত।কোৰোনাৰ ভয়াবহতাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনা ।

১০০তকৈ অধিক কোভিড ৰোগী ধৰা পৰা জিলাত ২৭ এপ্ৰিলৰ পৰা বন্ধ থাকিব শিক্ষানুষ্ঠান ।

অসম জাতীয় বিদ্যালয়ৰ অফলাইন শ্ৰেণী সমূহ ৩১ মে পৰ্যন্ত বাতিল কৰা হৈছে।

২৭ এপ্ৰিলৰ পৰা নিৰ্ধাৰিত ৰুটিন অনুসৰি সকলো শ্ৰেণীৰ অনলাইন যোগে পাঠদান অনুষ্ঠিত হ’ব । এই সময়চোৱাত খোলা থাকিব বিদ্যালয়ৰ কাৰ্য়ালয় ।


অনলাইন যোগে শ্ৰেণী সমূহ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব ।

ৰুটিন অনুসৰি প্ৰতিটো বিষয়ৰ পাঠদান গুগুল মিট এপৰ জৰিয়তে অনলাইন অনুষ্ঠিত হ’ব ।

৩১ মেৰ পৰবৰ্তী সময়ত পৰিস্থিতি পৰ্যালোচনা কৰি প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহন কৰা হ’ব বুলি বিদ্যালয় কৰ্তৃপক্ষই জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply