গুৱাহাটী : বিজেপিৰ জন-আশীৰ্বাদ যাত্ৰাৰ কালছোৱাত ব্যাপক হাৰত কোভিড প্ৰটোকল ভংগৰ বিৰুদ্ধে আইনী যুঁজ আৰম্ভ কৰিছে অসম জাতীয় পৰিষদে৷ দলে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুসহ এক ডজন নেতাৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰসহ বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে৷ জাতীয় পৰিষদৰ নেতাসকলে প্ৰকাশ কৰা মতে, আইন প্ৰণয়নৰ দায়িত্বত থকা ব্যক্তিসকলে ইচ্ছাকৃতভাৱে আইন উলংঘা কৰি দেশৰ আইন ব্যৱস্থাক ভেঙুচালি কৰি জনসাধাৰণৰ অনুভূতিত আঘাত দিয়া এই গুৰুতৰ কাৰ্যৰ বিৰুদ্ধে দলে ইতিমধ্যে গুৱাহাটীৰ দিছপুৰ আৰু লতাশিলসহ কেইবাখনো থানাত এজাহাৰ দাখিল কৰিছে৷ জন-আশীৰ্বাদ যাত্ৰাই স্পৰ্শ কৰা এলেকাৰ অন্য থানাসমূহতো কাইলৈ আৰু পৰহি দলে কোভিড প্ৰটোকল ভংগ কৰাসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত নৱ-নিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সম্বৰ্ধনা জনাবৰ বাবে ৰাজ্যিক বিজেপিয়ে কালিৰে পৰা জন-আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে৷ কালি দুপৰীয়া বৰঝাৰৰ বিমান বন্দৰত আৰম্ভ হৈ আজি দ্বিতীয় দিনা নগাঁৱত শেষ হোৱা এই যাত্ৰা কমেও চাৰিদিন চলিব আৰু এনেদৰে যাত্ৰা কৰি সোণোৱাল ডিব্ৰুগড়লৈকে যাব৷
কালি বিমান বন্দৰৰ সম্বৰ্ধনা অনুষ্ঠান আৰু জন-আশীৰ্বাদ যাত্ৰাৰ অন্য কাৰ্যসূচীত ব্যাপক হাৰত কোভিড প্ৰটোকল ভংগ কৰাৰ অভিযোগত আজি জাতীয় পৰিষদে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহন আৰু বিমল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন গগৈ, দিলীপ কুমাৰ শইকীয়া, পল্লৱ লোচন দাস আৰু কুইন উজাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ আইন প্ৰয়োগকাৰীৰ দায়িত্বত থকা সত্বেও কোভিড প্ৰটোকল ভংগ কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুকো এজাহাৰত অভিযুক্ত কৰা হৈছে৷ দিছপুৰ থানাত দলৰ কেন্দ্ৰীয় সমিতিয়ে দাখিল কৰা এজাহাৰখনত দলৰ কেন্দ্ৰীয় সম্পাদক অমৃত খাটনীয়াৰ, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু যুটীয়া সম্পাদক গিৰীণ তালুকদাৰে স্বাক্ষৰ কৰে৷
এজাহাৰত কোৱা হৈছে যে কোভিড নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা মানক সঞ্চালন বিধি (এছ অ’ পি)ৰ ৬নং ধাৰাৰ ২নম্বৰত কোৱা হৈছে যে কোনো ৰাজহুৱা অনুষ্ঠানত দুশতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব৷ আনহাতে ৪নং ধাৰাৰ ৬ নম্বৰত কোৱা হৈছে যে গুৱাহাটী মহানগৰ জিলাৰ পৰা আৰু এই জিলালৈ বাহিৰৰ যাতায়ত বন্ধ থাকিব৷ কিন্তু কালিৰ বিমান বন্দৰৰ কাৰ্যসূচী আৰু অন্য প্ৰায় সকলো কাৰ্যসূচীত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা আৰু কামৰূপ মহানগৰ জিলাৰ বাহিৰৰ লোক আহি উক্ত কাৰ্যসূচীসমূহত ভাগ লৈ পুনৰ অন্য জিলালৈ যাতায়ত কৰাৰ ঘটনা সকলোৰে চকুৰ সন্মুখত ঘটিছে৷ এই কাৰ্যৰ জৰিয়তে কোভিড প্ৰটোকল দেখদেখকৈ উলংঘা কৰা হৈছে বুলি উল্লেখ কৰি এজাহাৰত কোৱা হৈছে যে ইয়াৰ বাবে অভিযুক্তসকলৰ ওপৰত ভাৰতীয় দণ্ড বিধিৰ ১৮৮, ২৬৯, ২৭০ আৰু ২৭১ ধাৰাৰ অধীনত গোচৰ চলাব লাগে৷
আনহাতে, দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা কোভিড প্ৰটোকল ৰাজ্য চৰকাৰৰ মুৰব্বীৰ নেতৃত্বতে ভংগ হোৱাটো কেৱল দুৰ্ভাগ্যজনকেই নহয়, অসমবাসী ৰাইজৰ প্ৰতি এক চৰম উপহাসো৷ কাৰণ কোভিড মহামাৰী প্ৰতিৰোধৰ স্বাৰ্থত ৰাইজে কোভিড প্ৰটোকল বিনা বাক্যব্যয়ে মানি আহিছে৷ এতিয়া সকলো উচ্চ পদস্ত চৰকাৰী বিষয়াববীয়াই একেলগে কোভিড প্ৰটোকল ভংগ কৰাৰ পিছত ৰাইজক সেয়া মানিবলৈ বাধ্য কৰাৰ নৈতিক অধিকাৰ চৰকাৰ তথা আৰক্ষীয়ে হেৰুৱাই পেলাইছে আৰু সেয়ে তেওঁলোকে এতিয়া কোভিড প্ৰটোকল নমনা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব৷ স্বয়ং মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰী বৰমুৰীয়াসকলে ইচ্ছাকৃতভাৱে কোভিড প্ৰটোকল ভংক কৰি ৰাইজলৈ কি বাৰ্তা দিলে উল্লেখ কৰি গগৈ আৰু ভূঞাই প্ৰশ্ন কৰে যে কোভিড প্ৰটোকল অকল ৰাইজৰ বাবেহে নেকি; চৰকাৰী পদত থকা ব্যক্তি বা শাসক দলৰ লোকৰ বাবে এইবোৰ নিয়ম বনোৱা হোৱা নাই নেকি? বিজেপি দল আৰু ইয়াৰ চৰকাৰে বাৰে বাৰে এনেকৈ চৰকাৰী নিয়ম ভংক কৰি ৰাইজক উপহাস কৰা কাৰ্যৰ জৰিয়তে তেওঁলোকে আচলতে নৈৰাজ্যবাদক উৎসাহিত কৰিছে বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷
লগতে পঢ়ক কাৰ্বি পাহাৰত কংগ্ৰেছ-এএচডিচিৰ জোঁটবন্ধনৰ নতুন ৰাজনৈতিক সমিকৰণ