আমি সকলোৱে এখন অপৰাধ-মুক্ত সমাজ বিচাৰো। অপৰাধীয়ে কঠোৰ শাস্তি পোৱাটো বিচাৰো।
আমাৰ দেশত অপৰাধীক শাস্তি দিবৰ বাবে সাংবিধানিক বিধি-ব্যৱস্থা আছে৷ IPC, Cr PC আদি বিধান আছে।
এজন অপৰাধীক আৰক্ষীয়ে কৰায়ত্ব কৰিব, ক্ষীপ্ৰতাৰে আৰু নিৰপেক্ষভাবে তদন্ত কৰিব, যথাসময়ত আদালতত অভিযোগনামা দাখিল কৰিব, আদালতে বিচাৰ কৰিব আৰু অপৰাধীক শাস্তি দিব, এইটোৱেই হ’ল প্ৰচলিত ব্যৱস্থা।
এই দায়িত্বসমূহ আৰক্ষী বিভাগে সঠিক ভাবে পালন কৰিছিল নে কৰা নাছিল, সেইটোহে পৰীক্ষা কৰিব লগা বিষয়। যদি কৰা নাছিল, সংস্কাৰৰ ব্যৱস্থা কৰাটোহে এখন নতুন চৰকাৰৰ দায়িত্ব (যদিও অসমত একেটা দলৰ চৰকাৰ পূৰ্বৰ কাৰ্যকালতো আছিল)৷
কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা ৫ জুলাই ২০২১ তাৰিখে আৰক্ষী বিভাগৰ সৈতে হোৱা বৈঠকত আৰক্ষী বিভাগক এটা ‘গাইড লাইন’ দিছে আৰু অতি দাম্ভিকতাৰে ঘোষণা কৰিছে যে “এতিয়া এইটোৱেই পেটাৰ্ণ হ’ব৷”
‘পেটাৰ্ণ’টো হ’ল, “অপৰাধী পলালে গুলিয়াব লাগে৷”
অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো ‘পেটাৰ্ণ’ত অপৰাধ ‘নিয়ন্ত্ৰণ’ কৰিবলৈ আৰক্ষী বিভাগক নিৰ্দেশ দিছে, আৰু তাৰ ভিত্তিত ধাৰাবাহিকভাৱে ‘এনকাউন্টাৰ’ সংঘটিত হৈ আছে, ই আমাৰ দেশৰ স্বীকৃত আৰু প্ৰচলিত বিধি-ব্যৱস্থাৰ সম্পূৰ্ণ বিপৰীত৷ এই ‘পেটাৰ্ণ’ বহুকেইটা দিশৰ পৰা ভয়াৱহ, চিন্তা উদ্ৰেককাৰী আৰু চৰকাৰৰ উদ্দেশ্যত প্ৰশ্ন/সন্দেহ কৰিব পৰা বিধৰ বুলি সংবাদমেলত অসম জাতীয় পৰিষদ সাধাৰণ সম্পাদক জগদীশ ভূঞাই মন্তব্য কৰে ৷
পূৰ্বৰ ১০ বছৰতো বোধহয় আৰক্ষীৰ হাতৰ পৰা ইমান অপৰাধী ‘পলোৱা’ নাছিল, যিমান অপৰাধী এই এমাহতে ‘পলাই’ গুলিবিদ্ধ হ’ল বা মৃত্যু হ’ল।এই এমাহত আৰক্ষীৰ দক্ষতা কমিল নেকি যে একাধিক আৰক্ষীয়ে এজন অপৰাধীক ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই, গুলিয়াব লগা হ’ল; হেন্ডকাফ লগোৱা নাছিল নেকি প্ৰশ্ন কৰে জগদীশ ভূঞাই ?
কাৰ্যপালিকা (মানে চৰকাৰ-প্ৰশাসন), বিধানমণ্ডল (সংসদ বা বিধান সভা) আৰু ন্যায়পালিকা (আদালতসমূহ) – এই তিনিটা স্তম্ভৰ ওপৰত আমাৰ দেশ চলি আছে৷ মুখ্যমন্ত্ৰীয়ে অলপতে ‘বিধায়সকলৰ কথা বিষয়াই বা আৰক্ষীয়ে নুশুনিব, অকল মন্ত্ৰীৰ কথাহে শুনিব’ বুলি কৈ বিধানমণ্ডলৰ গুৰুত্ব নাইকীয়া কৰি পেলাইছে৷ আনহাতে আৰক্ষীৰ হাতত ‘মৃত্যুদণ্ড বিহাৰ ক্ষমতা’ অৰ্পণ কৰি মুখ্যমন্ত্ৰীয়ে ন্যায়পালিকাৰ ভূমিকাকো স্পষ্টভাৱে নস্যাৎ কৰিছে৷ অৰ্থাৎ, মুখ্যমন্ত্ৰীয়ে অকল কাৰ্যপালিকাহে গুৰুত্বপূৰ্ণ বুলি যিটো বাৰ্তা দিছে, সেয়া স্পষ্টভাৱে ভাৰতৰ সংবিধান উলংঘাকাৰী বুলি সংবাদমেলত উল্লেখ কৰে অসম জাতীয় পৰিষদ সাধাৰণ সম্পাদক জগদীশ ভূঞাই৷
লগতে পঢ়ক চন্দ্ৰপুৰত পুনৰ ড্ৰাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদ