গুৱাহাটী: ‘মূল্য বৃদ্ধি ৰোধ কৰক, নহ’লে গাদী এৰি দিয়ক’ – এই শ্লোগানেৰে আজি গুৱাহাটী মহানগৰীৰ ৰাজপথ উত্তাল কৰি তোলে অসম জাতীয় পৰিষদে৷

পেট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত দলৰ সহস্ৰাধিক কৰ্মীয়ে মহানগৰীৰ টিচি পইন্টৰ পৰা ৰাজভৱনলৈ পদযাত্ৰা কৰি যাওঁতে চাৰিবাৰকৈ আৰক্ষীয়ে স্থাপন কৰা বেৰিকেট ওফৰাই আগবাঢ়ি যায় আৰু ৰাজভৱনৰ সন্মুখত গণবিক্ষোভকাৰ্যসূচী ৰূপায়ন কৰে৷ পদযাত্ৰা কালত কেইবাঠাইত প্ৰতিবাদকাৰীৰ সৈতে হতাহতিত লিপ্ত হয় আৰক্ষী৷ আৰক্ষীৰ আক্ৰমণত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হয়৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰায় দুঘন্টজুৰি চলা ঠেলা-হেঁচা, টনা-আঁজোৰা, খেদাখেদি আৰু সশস্ত্ৰ চি আৰ পি এফৰ দ্বাৰা ৰচনা কৰা বেহু ভাঙি ৰাজভৱনত উপস্থিত হোৱা দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ প্ৰতিনিধি দলে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰে৷

উল্লেখযোগ্য যে খাদ্য সামগ্ৰীৰ পৰা ঔষধলৈ তথা পেট্ৰল-ডিজেল-ৰন্ধন গেচৰ পৰা আৰম্ভ কৰি নিৰ্মাণ সামগ্ৰীলৈ সকলোতে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনজীৱন বিপন্ন কৰি তুলিছে৷ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ক্ষমতাত থকা বিজেপি দলৰ চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ সলনি নিজৰ স্বাৰ্থান্বেষী কাম-কাজেৰে মূল্যবৃদ্ধি হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ অৰিহণা যোগাই আহিছে৷

অসম জাতীয় পৰিষদে চৰকাৰৰ এনে জনবেৰোধী কাৰ্যৰ প্ৰতিবাদত তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত ৰাজভৱনলৈ গণবিক্ষোভ কাৰ্যসূচী ৰূপায়নৰ এই কাৰ্যসূচী হাতত লয়৷

লগতে পঢ়ক-গুৱাহাটী মহানগৰীত পুনৰ কনটেইনমেণ্ট জ’ন

সেই মৰ্মে দিনৰ ১২ বজাত গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাব টি চি পইন্টত দলৰ সহস্ৰাধিক নেতা-কৰ্মী সমৱেত হয়৷ সমৱেত প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে বাঁহৰ বেৰিকেট স্থাপন কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰি নিবলৈ বহুকেইখন চিটি বাছ সাজু কৰি আনে৷ প্ৰথমে তেওঁলোকে আৰক্ষীৰ বেৰিকেট ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে বাধা দিয়ে আৰু তাতেই মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীত তথা চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে৷ এনেদৰে বেৰিকেটৰ সন্মুখত ৰৈ কিছুসময় শ্লোগান দি প্ৰতিবাদকাৰীসকলে আচম্বিতে পথ সলনি কৰি বিপৰীত দিশে অগ্ৰসৰ হ’বলৈ ধৰে৷ আৰক্ষী-নিৰাপত্তাৰক্ষীসকলে এই কৌশল ধৰিব নোৱাৰি চেদেলি-ভেদেলি হৈ পৰে আৰু এই সুযোগতে দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিপৰীত দিশৰ বেৰিকেট ভাঙি গুৱাহাটী ক্লাব-বাৰোৱাৰী পথেৰে ৰাজভৱনলৈ উদ্দেশ্যি পদযাত্ৰা আৰম্ভ কৰে৷

ৰাজভৱনলৈ যাত্ৰা কৰা পথত আৰক্ষীয়ে চাৰিটা পৃথক স্থানত বেৰিকেট বহুৱায় যদিও প্ৰতিবাদকাৰীসকলে আটাইকেইটা বেৰিকেট ভেদ কৰি ৰাজভৱনৰ সন্মুখত উপস্থিত হয়৷ বেৰিকেট ভেদ কৰিবলৈ যোৱা প্ৰতিবাদকাৰীক বাধা দিবলৈ যোৱা আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ কেইবা ঠাইত ঠেলা-হেঁচা আৰু হতাহতিৰ সৃষ্টি হয়৷ বেৰিকেট অতিক্ৰম কৰি আগবাঢ়ি যোৱা প্ৰতিবাদকাৰীক ৰখাবলৈ কেইবাঠাইত আৰক্ষীয়ে তেওঁলোকক খেদি যায় যদিও ব্যৰ্থ হয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply