গুৱাহাটী : চৰকাৰী পৃষ্ঠপোষকতাত ধাৰাবাহিকভাৱে হৈ থকা মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰাজভৱন অভিমুখে গণবিক্ষোভ কাৰ্যসূচী পালন কৰিব অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত দলৰ নেতা-কৰ্মীসকলে খাদ্যদ্ৰব্যৰ পৰা আৰম্ভ কৰি ঔষধলৈ তথা পেট্ৰ’ল-ডিজেল-ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি গৃহনিৰ্মাণৰ সামগ্ৰীলৈ সকলো খণ্ডতে হোৱা অসহনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত দিনৰ ১১ বজাত গুৱাহাটী ক্লাবৰ পৰা ৰাজভৱনলৈ পদযাত্ৰা কৰিব আৰু ৰাজভৱনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিব৷
চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা গ্ৰহণৰ সলনি বনিয়া গোষ্ঠীসমূহৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াই মূল্যবৃদ্ধিত অৰিহণা যোগোৱাৰ অভিযোগ উত্থাপন কৰি দলটোৱে প্ৰতিবাদ কল্পে তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী কৰি ৰাজ্যপালক এখন স্মাৰকপত্ৰও প্ৰদান কৰিব৷ দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা-সদস্যৰ লগতে দলৰ কামৰূপ জিলা আৰু কামৰূপ মহানগৰ জিলা সমিতিয়েও উক্ত গণবিক্ষোভ কাৰ্যসূচীত ভাগ লব৷
জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ কৰি তুলিছে৷ এফালে সংস্থাপনহীনতা আৰু আনহাতে অসহনীয় মূল্যৰ বোজাই সৃষ্টি কৰা আকাল পৰিস্থিতিৰ মোকাবিলা কৰিব নোৱাৰি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী লোকে আত্মহননৰ পথ বাচি লোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত কৰিছে৷ অথচ কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ চলোৱা এই বিজেপি দলেই এসময়ত মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথ উত্তাল কৰি ৰাখিছিল৷
মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিজেপিৰ শীৰ্ষস্থানীয় নেত্ৰীয়ে ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি ৰাজপথত আন্দোলন কৰিছিল৷ কিন্তু ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতেই পূৰ্বৰ স্থিতি পাহৰি বিজেপি দলে সকলো ধৰণৰ সামগ্ৰীৰ মূল্যবৃদ্ধিত আওপকীয়া অৰিহনাহে যোগাই আহিছে৷ অবাধ মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ কঁকাল পোনাব নোৱাৰা অৱস্থা কৰি ৰখা সময়তে বিজেপি দলে বিধায়ক কিনা-বেচা কৰাৰ জৰিয়তে অসমৰ কেইবাটাও সমষ্ঠিত অপ্ৰত্যাশিত নিৰ্বাচন জাপি দি ক্ষমতা প্ৰদৰ্শনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে বুলিও কয় লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই।
বিজেপি দল আৰু চৰকাৰৰ এনে গণবিৰোধী কাৰ্যৰ প্ৰতিবাদ হ’বই লাগিব বুলি জাতীয় পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত কয়। লগতে বৃহস্পতিবাৰে গুৱাহাটীস্থিত ৰাজভৱনলৈ গৈ গণবিক্ষোভ কাৰ্যসূচী পালনৰ পিছ দিনা ২৯ অক্টোবৰ শুকুৰবাৰে দলে ৰাজ্যৰ জিলা সদৰসমূহত অনুৰূপ ধৰণে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব৷ উক্ত কাৰ্যসূচীসমূহত অংশগ্ৰহণৰ জৰিয়তে বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে জনমত গঠনত সহযোগিতা আগবঢ়াবলৈয়ো গগৈ আৰু ভূঞাই ৰাইজক আহ্বান জনায়৷
লগতে পঢ়ক-সংবাদ পৰিবেশনক লৈ চিচিবৰগাও আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ ভাবুকি, গোচৰ ৰুজু