প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী : ক’ভিড পৰিস্থিতিৰ সুযোগ লৈ বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য ব্যাপক হাৰত বৃদ্ধি হোৱাত উদ্বেগ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷

এক প্ৰেছ বিবৃতি যোগে দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই  কয়, “প্ৰথমে নিৰ্বাচনৰ সুযোগ গ্ৰহণ কৰি খাদ্য দ্ৰব্যসহ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰা নিৰ্মাণ সামগ্ৰীলৈকে প্ৰায় সকলো ধৰণৰ সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক বিপাঙত পেলোৱাৰ পিচত এইবাৰ কোভিড পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ ব্যৱসায়ীয়ে পুনৰ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাত হাত উজান দিছে৷’’

আৰু পঢ়কঃ কৰোনাত আক্ৰান্ত হৈ অসমৰ প্ৰথম মহিলা আইএএছ বিষয়া পাৰুল দাসৰ মৃত্যু

‘’সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত কোৱা হৈছে যে অকল শাক-পাচলি আৰু ফল-মূলত শতকৰা ত্ৰিশ শতাংশলৈ মূল্য বৃদ্ধি হৈছে৷ এনে অৱস্থা দুৰ্ভাগ্যজনক আৰু ই চৰকাৰ-প্ৰশাসনৰ অমনোযোগিতাৰ দিশটো প্ৰকট কৰি তোলে।‘’ বিবৃতিটোত কোৱা হয়।

আনহাতে বৰ্তমান বাহাল থকা আংশিক লকডাউনৰ ফলত বহুসংখ্যক লোক কৰ্মহীন হৈ পৰাকে ধৰি ৰাজ্যৰ সাধাৰণ ৰাইজ নানান ধৰণৰ প্ৰত্যাহ্বানৰ মুখামখি হোৱা এই সময়ছোৱাত চৰকাৰে বজাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো দৰকাৰ আছিল যদিও ইয়াৰ বিপৰীতে চৰকাৰে বিষয়টোত এক উদাসীন দৃষ্টিভংগী গ্ৰহণ কৰা বুলি দলটোৱে অভিযোগ কৰে৷

আৰপ পঢ়কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰা অক্সিজেন প্লাণ্টত উৎপাদন আৰম্ভ

বিবৃতিটোত লগতে কোৱা হয় যে বিগত কেইটামান মাহ ধৰি দেশত দ্ৰব্য মূল্য নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ স্পষ্টভাৱে ব্যৰ্থ হোৱাৰ বিষয়ে সকলো অৱগত৷

 যোৱা ফেব্ৰুৱাৰী মাহৰ তুলনাত মাৰ্চ মাহত গ্ৰাহক মূল্য সূচাংক (চি পি আই) ৫.৫২ শতাংশলৈ বৃদ্ধি হোৱাক লৈ চৰকাৰ ইতিমধ্যেই ব্যাপক সমালোচনাৰ মুখত পৰিছে৷ তাৰ মাজতে চলিত এপ্ৰিল মাহত আকৌ খাদ্য দ্ৰব্যৰ ব্যাপক মূল্য বৃদ্ধি হোৱাটো চৰকাৰ-প্ৰশাসনৰ ব্যৰ্থতাৰ স্পষ্ট প্ৰতিফলন৷

ভূঞাই লগতে কয় যে দ্ৰব্যমূল্যৰ স্থিতিৰ ধাৰাবাহিক পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা অব্যাহত ৰাখিবলৈ ৰাজ্য চৰকাৰে ইতিপূৰ্বে এটি টাস্ক ফ’ৰ্চ গঠন কৰি দিছিল যদিও বৰ্তমানৰ পৰিস্থিতিত উক্ত টাস্ক ফ’ৰ্চৰ উপস্থিতি দৃশ্যমান হোৱা নাই৷ এয়া ৰহস্যজনক৷

“দ্ৰব্যমূল্য নিয়ন্ত্ৰণৰ হকে গঠিত টাস্ক ফ’ৰ্চক কাৰ্য্যক্ষম কৰি চৰকাৰে বিশেষকৈ খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ ব্যৱস্থা তৎকালে হাতত লওক৷ অন্যথায় দুৰ্যোগৰ সময়ত জনসাধাৰণৰ জীৱন সুচল কৰাৰ দায়িত্ব পালনৰ ঠাইত জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তোলাৰ দায়ত চৰকাৰ দায়বদ্ধ হ’ব৷” – ভূঞাই কয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,722 other subscribers

Leave a comment

Leave a Reply