নিউজ ডেস্ক: বিজেপিক ৰোধিবলৈ আঞ্চলিকতাবাদী শক্তিক অধিক সক্ৰিয় কৰা আৰু কা বিৰোধী শক্তিক একগোট কৰি অসম বচাবলৈ ওলাই অহা নতুন ৰাজনৈতিক দলবোৰে নিৰ্বাচনত অংশ নৌলওতেই চূড়ান্ত বিশৃংখলতা হোৱাৰ অভিযোগ উঠিছে দলৰ ভিতৰচ’ৰাতে |
অসম জাতীয় পৰিষদৰ ভিতৰ চ’ৰাত এতিয়া চৰম অৰাজকতা চলিছে।বিজেপিক প্ৰতিহত কৰিবলৈ নিৰ্বাচনী যুঁজত অংশ লব বিচৰা দলটোৰ নেতৃত্বৰ মাজত চলিছে শীতল যুদ্ধ। চৰম অসন্তুষ্টিৰে গা কৰি উঠা এজেপিৰ প্ৰাৰ্থীয়ে এৰিছে দল।
অসম জাতীয় পৰিষদৰ দ্বিতীয়খন তালিকাত চাবুৱা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল ৰাফেল কুজুৰক। শেহতীয়াকৈ ৰাফেল কুজুৰে অসম জাতীয় পৰিষদৰ সভাপতিলৈ প্ৰেৰণ কৰিছে এক পত্ৰ। এই পত্ৰত কুজুৰে লিখিছে যে, তেওঁক ৰাজ্যিক সম্পাদক আৰু দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিব লাগে
নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়নৰ অন্তিম দিনা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে এনেদৰে দলৰ পৰা পদত্যাগ কৰা কাৰ্যই দলটোৰ ভিতৰচ’ৰাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, এইজন ৰাফেল কুজুৰে ২০১৬চনৰ নিৰ্বাচনটো প্ৰতিদ্বন্দ্বিতা কৰিছিল।
২০১৬চনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মাজবাট বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই নিৰ্বাচনত ২০,৫৭৭টা ভোট লাভ কৰিছিল কুজুৰে। একেই অৱস্থা হৈছে ৰাইজৰ দলৰ ভিতৰচ’ৰাতো | চাবুৱা সমষ্টিত প্ৰথমে দ্বিপনজ্যেতি ফুকনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল যদিও মনোনয়ন দাখিলৰ অন্তিম দিনটোৰ পূৰ্বে সমষ্টিটোত তেওঁৰ সলনি ভবেন বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰে। এইগৰাকী প্ৰাক্তণ বিধায়কক অসম জাতীয় পৰিষদৰ ফালৰ পৰা প্ৰাৰ্থিত্ব নিদিয়াৰ পিছতেই ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লয় | দুয়োটা দলে মিত্ৰদল হিচাবে নিৰ্বাচনত অংশ লোৱাৰ পিছত দুয়োটা দলে নিজৰ নিজৰ প্ৰাৰ্থী ঘোষণা কৰি তেওলোকৰ মিত্ৰতাকেই ভেঙুচালী কৰিছে |
আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনায়ন দাখিলৰ অন্তিম দিন। নতুন দল দুটাৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত দেখা দিয়া চূড়ান্ত বেমেজালীৰ পিছত এই দল দুটাক লৈ সন্দিহান ৰাজ্যৰ ভোটাৰ |
অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ নামত বহুৱালী,দুয়োটা দলে প্ৰাৰ্থিত্ব দিলে একেটা সমষ্টিতে
বিজেপিক উৎখাত কৰি অখিল গগৈৰ অসম বচোৱাৰ আহ্বান কিমান দূৰ ফলপ্ৰসু হ’ব
