জাগীৰোডঃ নিলামলৈ যোৱা অসমৰ কাগজ কল দুটাৰ সম্পত্তিখিনি বিক্ৰী নকৰি সেয়া পুনৰুজ্জীৱিত কৰাৰ দাবীৰে দহ লাখ লোকৰ চহী সম্বলিত এখন স্মাৰকপত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে অসম জাতীয় পৰিষদে৷

জাগীৰোডস্থিত নগাঁও কাগজ কলৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত কাগজ কল কৰ্মচাৰী সংস্থাসমূহৰ সহযোগত আয়োজন কৰা এখন সংবাদ মেলত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে যিহেতু ৰাজ্যবাসীয়ে ইমান দিনে জনাই অহা দাবী চৰকাৰে আওকাণ কৰিলে, আনকি বিধানসভা আৰু লোকসভাত জনপ্ৰতিনিধিসকলে উত্থাপন কৰা দাবীৰ প্ৰতিও চৰকাৰে সঁহাৰি নিদিলে আৰু অৱশেষত কাগজ কল দুটাৰ সকলো সম্পত্তি অহা ৩০ জুনৰ দিনা পানীৰ দৰত বিক্ৰি কৰি দিয়াৰ আনুষ্ঠানিক জাননী জাৰি হৈ গ’ল, এনে অৱস্থাত এই সমগ্ৰ বিষয়টোত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ অতিশয় জৰুৰী হৈ পৰিছে৷ সেই কাৰণে প্ৰধানমন্ত্ৰীয়ে যাতে প্ৰক্ৰিয়াটোত হস্তক্ষেপ কৰে, তাৰ বাবে প্ৰধানমন্ত্ৰীৰ ওচৰত অসমৰ দহলাখ নাগৰিকে চহী কৰা স্মাৰকপত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ’ব৷

স্মাৰকপত্ৰখনত অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে চহী সংগ্ৰহ কৰা হ’ব ৷ অনলাইন স্মাৰকপত্ৰখন জাতীয় পৰিষদৰ ৱেবছাইটত দিয়া হৈছে আৰু অফলাইন স্মৰাকপত্ৰখনত দলৰ কৰ্মীসকল গাঁৱে গাঁৱে গৈ চহী সংগ্ৰহ কৰিব ৷

এসপ্তাহ চহী সংগ্ৰহ কৰাৰ পিছত সকলো চহী একেলগ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ স্মাৰকপত্ৰখন প্ৰেৰণ কৰা হ’ব৷

দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ সভাপতি চমছেৰ সিং আৰু দুলু আহমেদ, সম্পাদক বাণী দাস আৰু চন্দ্ৰপ্ৰকাশ শৰ্মা আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান উপস্থিত থকা সংবাদ মেলখনত লুৰীণজ্যোতি গগৈয়ে কয় যে এনেকুৱা নহয় যে কাগজ কল দুটা অকাৰ্যক্ষম হৈ আছে আৰু চৰকাৰে চলাব নোৱাৰি বন্ধ কৰি দিছে, বৰং যিসময়ত কাগজ কল দুটা বন্ধ কৰা হৈছিল তেতিয়া কল দুটা সুচলৰূপে চলি আছিল ৷

২০১৫ চনৰ ২০ অক্টোবৰৰ দিনা কাছাৰ কাগজ কলটো বন্ধ হোৱাৰ ঠিক আগদিনা কলটোয়ে ২৮৩ টন কাগজ উৎপাদন কৰিছিল ৷ কাছাৰ কাগজ কলটো বন্ধ হোৱাৰ ৫ মাহৰ পিছত ২০১৬ চনৰ ২৭ মাৰ্চৰ দিনা পাঁচগ্ৰামৰ ওচৰৰ কালিগঞ্জত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন নিৰ্বাচনী সভাত ভাগ লৈ ঘোষণা কৰিছিল যে যদি সেইবাৰৰ নিৰ্বাচনত বিজেপি দল বিজয়ী হয় তেনেহ’লে কাছাৰ কাগজ কলটো পুনৰ আৰম্ভ কৰা হ’ব ৷

কিন্তু ২০১৬ৰ নিৰ্বাচনত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে কাছাৰ কাগজ কলটোতো পুনৰাৰম্ভ নকৰিলেই, বৰং প্ৰধানমন্ত্ৰীৰ অাশ্বাসৰ ঠিক এবছৰৰ মূৰত ২০১৭ চনৰ ১৩ মাৰ্চৰ দিনা জাগীৰোডৰ নগাঁও কাগজ কলটোও বন্ধ কৰি দিয়ে ৷

উক্ত দুয়োটা কল বন্ধ কৰাৰ কোনো আনুষ্ঠানিক অধিসূচনা বা নিৰ্দেশনা কিন্তু আজিলৈকে চৰকাৰে জাৰি কৰা নাই ৷ বিজেপি দলে ২০১৬, ২০১৯ আৰু ২০২১ চনৰ নিৰ্বাচনী ইস্তাহাৰত কাগজ দল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷

কিন্তু দুৰ্ভাগ্যজনকভাৱে চৰকাৰে পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ হাতত লোৱাতো দূৰৰে কথা, কাগজ কল দুটাৰ প্ৰায় ৬৬০০ বিঘা মাটি সহ সমস্ত সম্পত্তি নিলামত বিক্ৰী কৰাৰ বাবে অৱসায়কে জাৰি কৰা জাননীৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছে ৷ ৰাষ্ট্ৰীয় কোম্পানী আইন প্ৰাধিকৰণে নিযুক্ত কৰা অৱসায়কে কেন্দ্ৰীয় চৰকাৰৰ তীখা মন্ত্ৰণালয়ৰ ৱেবছাইটযোগে কাগজ কল দুটাৰ সম্পত্তিখিনি অহা ৩০ জুনৰ দিনা নিলাম কৰিব ৷

জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ মতে, যি সময়ত কাগজ কল দুটাৰ মাটি সহ সমস্ত সম্পত্তিৰ মূল্য কেইবা হাজাৰ কোটি টকা হ’ব, তেনে সময়ত অৱসায়ক কুলদীপ বাৰ্মাই সম্পত্তিখিনিৰ আধাৰ মূল্য নিৰ্ধাৰণ কৰিছে মাত্ৰ ১,১৩৯ কোটি টকা ৷

ইয়াৰ পৰাই অৱসায়ক আৰু চৰকাৰৰ যে কিবা অন্য অংক আছে সেই কথা সহজে অনুমান কৰিব পাৰি৷ গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যাতে বিষয়টোত হস্তক্ষেপ কৰি অহা ৩০ জুনৰ নিলাপ কাৰ্য স্থগিত ৰাখে তাৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনাই উক্ত দহ লাখ লোকৰ চহী সম্বলিত স্মাৰকপত্ৰখন প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱা বুলি সভাপতি গগৈয়ে প্ৰকাশ কৰে৷

আৰু পঢ়কঃসোণাৰিত বৃহৎপৰিমানৰ গাঞ্জাসহ আটক এজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply