মৰাণ, স্বপনীল দেউৰীঃ ১৫ নৱেম্বৰত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধক বাতিল কৰিবৰ বাবে আজি মৰাণৰ বামুণবাৰী চাহ বাগিচাৰ খেলপথাৰত অসম মুণ্ডা মহাসভাই সংবাদমেল যোগে ছয় জনগোষ্ঠী যৌথ মঞ্চই আহ্বান জনায়। কিয়নো উক্ত ১৫ নৱেম্বৰত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্মদিন। 

এই ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম দিৱসটি মৰাণৰ বামুনবাৰী চাহ বাগিচাৰ খেলপথাৰত অসম মুণ্ডা মহাসভাৰ অবিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতি, জিলা মহিলা সমিতিৰ উদ্যোগত তথা বামুণবাৰী, মৰাণ, খোৱাং, বৰবৰুৱা আৰু টিংখং ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগত সপ্তম পঞ্চবাৰ্ষিক অধিবেশন আৰু ১৪৭ সংখ্যক ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলি আছে। 

যদি ১৫ নৱেম্বৰত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰে তেন্তে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপনত ব্যাঘাত জন্মাব বুলি উল্লেখ কৰে অসম মুণ্ডা মহা সভাই আৰু বন্ধ প্ৰত্যাহাৰৰ আহ্বান জনাই লগতে ১৫ নৱেম্বৰৰ সলনি অন্য কোনো তাৰিখে বন্ধ দিলে নৈতিক সমৰ্থন থাকিব বুলি জানিব দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply