নিউজ ডেস্কঃ অসম সাহিত্য সভাৰ বিভিন্ন বঁটাৰ বাবে নাম ঘোষণা হ’ল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ এম কামালুদ্দিন আহমেদলৈ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা।

ইফালে, কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা বঁটা ড০ পূৰ্ণ ভট্টাচাৰ্যলৈ, বাসন্তী বৰদলৈ বঁটা তিনিচুকীয়াৰ নীলাক্ষি চলিহা গগৈলৈ, হেম বৰুৱা বঁটা গুৱাহাটীৰ গংগাপদ চৌধুৰীলৈ আগবঢ়োৱা হ’ব ।

লগতে বুদুৰাম পাংগিং সোঁৱৰণী বঁটা লাভ মুকুট শৰ্মালৈ, ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা অঞ্জলি মহন্তলৈ, ভৰত চন্দ্র বৰুৱা বঁটা ভূপেন্দ্র ৰায়চৌধুৰীলৈ, অমূল্য বৰুৱা কবি বঁটা নলবাৰীৰ ৰঞ্জিৎ পাটগিৰিলৈ আৰু গিৰিধৰ শৰ্মা বঁটা নগাঁৱৰ প্রতিভা ভাগৱতীলৈ।


উল্লেখ্যযোগ্য যে, চলিত বৰ্ষৰ ২ ফেব্রুৱাৰীত বঁটাসমূহ প্রদান কৰা হ’ব। অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনত প্ৰদান কৰা হ’ব এই বঁটা সমূহ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply