গুৱাহাটী: অসম সাহিত্য সভাৰ অধিবেশন এইবাৰ অনুষ্ঠিত নহয়। অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সংবাদমেলত এই কথা প্ৰকাশ কৰে।


নাৰায়ণপুৰত এই অধিবেশন নোহোৱাৰ বাবে আয়োজন কৰিব লগা হল জৰুৰীকালীন প্ৰতিনিধি সভাৰ। ফেব্ৰুৱাৰীৰ ১ তাৰিখৰ পৰা ৪ তাৰিখলৈ অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল নাৰায়ণপুৰত।

নাৰায়ণপুৰৰ দল সংগঠন আৰু বিভিন্ন লোকৰ সৈতে কথা পাতি এখন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল । প্ৰতিবেদন অনুসৰি ক’ভিডৰ বাবে অনুষ্ঠিত কৰিব পৰা ন’গল অধিবেশন।

অধিবেশন নোহোৱাৰ পৰ্যন্ত যি কাৰ্যনিৰ্বাহক বৰ্তমান চলি আছে সেই কাৰ্যনিৰ্বাহয়েই বাহাল থাকিব ।
অধিবেশন অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে নাৰায়ণপূৰ বাসীক ক্ষমা বিচাৰিলে সভাপতিয়ে।


কেন্দ্ৰীয় সমিতি, জিলা সমিতি সকলোতে একেই থাকিব অধিবেশন নোহোৱাৰ পৰ্যন্ত।
বৰ্তমানৰ সমিতিৰ কাৰ্যকাল ২০২৩ চনৰ ফেব্ৰুৱাৰী ৪ তাৰিখ পৰ্যন্ত বাহাল থাকিব বুলি সভাপতিয়ে সংবাদমেলত ঘোষণা কৰে।


নাৰায়ণপুৰ অধিবেশন ২০২৩ চনৰ ভিতৰত হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে সভাপতিয়ে।
সভাৰ আৰ্থিক দিশ টনকিয়াল কৰাৰ ক্ষেত্ৰত আলোচনা চলি থকা হৈছে।


কৰ্মচাৰীৰ দৰমহা বেমেজালি ক্ষেত্ৰতো ব্যৱস্থা লোৱাৰ কথা জনালে সভাপতিয়ে।
পুৰণি সমিতিয়ে ১ বছৰলৈ একেদৰে কাম কৰি যাব।

লগতে পঢ়ক- অৰুণাচলত অপহৰণ ডিব্ৰুগড়ৰ যুৱক সহ তিনিজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply