সোণাৰি : সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাৱক সংগঠন অসম উন্নতি সভাৰ চৰাইদেউ জিলা সমিতিখন আজি পুনৰ গঠন কৰা হয়। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত গঠন কৰা হয় অসম উন্নতি সভাৰ চৰাইদেউ জিলা সমিতিখন।

সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপ জ্যোতি ভূঞাই।

সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰশান্ত দত্ত, সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা বিষ্ণুজ্যোতি বুঢ়াগোহাঁইৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী জ্যেষ্ঠ তথা অভিজ্ঞ ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাখনতে ৰীনা বৰা, মণি গগৈক উপদেষ্টা, প্ৰাক্তন ছাত্ৰ নেতা তথা অৱসৰপ্ৰাপ্ত শিক্ষক, সাংস্কৃতিক কৰ্মী বিপিন শৰ্মাক সভাপতি, তীৰ্থ গোস্বামী, ভাস্কৰ ভাজনী, হীৰা বৰগোহাঁই আৰু ৰমা কোঁৱৰক উপ সভাপতি, প্ৰাক্তন ছাত্ৰ নেতা তথা সাংবাদিক যদুনাথ পুৰীক সাধাৰণ সম্পাদক, প্ৰদীপ বৰুৱা, ক্ষান্ত ফুকন, অভিজিৎ ভূঞা আৰু তৰুণ গগৈক সম্পাদক আৰু বহু কেইগৰাকী লোকক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ চৰাইদেউ জিলা অসম উন্নতি সভাৰ সমিতিখন গঠন কৰা হয়।

পৰৱৰ্তী পৰ্যায়ত সমষ্টি তথা গাঁও পঞ্চায়ত পৰ্য্যায়ত সমিতি গঠনৰ জৰিয়তে উন্নতি সভাৰ সমিতিখন অধিক শক্তিশালী কৰি তোলা হব বুলি জানিবলৈ দিছে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপ জ্যোতি ভূঞাই।

ইফালে আজিৰ সভাত উপস্থিত প্ৰতিজন লোকেই জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত উৎপাদন তথা সৃষ্টিশীল কামৰ জৰিয়তে আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক আদি ক্ষেত্ৰখন অধিক শক্তিশালী কৰি তোলাৰ পক্ষত ভাষণ প্ৰদান কৰে।

লগতে পঢ়ক- উন্মোক্ত ৰেলপথক লৈ লখিমপুৰত ৰাইজৰ প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply