লখিমপুৰ: এচাম সংগঠনে বৰ্তমান সময়ত প্ৰতিবাদৰ নামত উচতনিমুলক মন্তব্য কৰি হাৰ বাবে ৰাজ্য প্ৰশাসন এইবোৰৰ ওপৰত কঠোৰ হৈছে। ইয়াৰ বাবেই এইবাৰ লখিমপুৰত জেললৈ যাব লগীয়া হ’ল নিজকে জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়া দুই নেতা।
অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জীৱ বৰদলৈ, আৰু লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি দিপাঙ্কৰ নাথক আৰক্ষীয়ে অসাংবিধানিক তথা উচতনি মূলক মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে। দুয়োজনকে পৰবৰ্তী সময়ত লখিমপুৰ আদালতে জেললৈ প্ৰেৰন কৰে।
ঘটনা সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ থানাৰ ৭৯/২০২২ গোচৰৰ ১৫৩/১৫৩A/২৯৮/৫০০/৫০৬.৩৪ IPC ত গ্ৰেপ্তাৰ হোৱাৰ পিছতেই দুয়োকে হাজিৰ কৰোৱা হয় আদালতত । দুয়োকে আদালতে জেললৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক – #BoycottKFC: কাশ্মীৰৰ ‘সমৰ্থন’ত প’ষ্ট দি বিপদত KFC