গুৱাহাটী : অসম আৰক্ষীয়ে এক বৃহৎ চোৰাং চাউল চক্ৰ উৎখাত কৰিছে। কামৰূপ জিলাৰ ছয়গাঁৱৰ এটা গুদামৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এক লাখটা বস্তা এফ চি আই (FCI) চাউল। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে চাউলখিনি এফ চি আইৰ মেঘালয় কেন্দ্ৰৰ।

প্ৰাপ্ত তথ্য মতে, আজি কিছুদিন পূৰ্বে বকো আৰক্ষী আৰু জিলা প্ৰশাসনৰ এটা দলে ছয়গাঁও উদ্যোগিক বিশাক কেন্দ্ৰত থকা এটা ব্যক্তিগত গুদামৰ পৰা বৃৰৎ পৰিমাণৰ চাউলখিনি জব্দ কৰে।

এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, নদীয়াৰ পাৰ গাঁৱৰ লোকসকলে অঞ্চলটোত যোৱা কিছুদিনৰ পৰা চাউল বোজাই কৰা এখন ট্ৰাকৰ সঘন আহ-যাহ দেখা পাই স্থানীয় আৰক্ষীক খবৰ দিছিল।

ইয়াৰ পিছতে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত ৰয় আৰু ছয়গাঁও চক্ৰ বিষয়া জয়ন্ত বৰাৰ নেতৃত্বত এটা দলে ট্ৰাক জব্দ কৰি চালক আৰু হেণ্ডিমেনক জেৰা কৰাত মাৰুটি কোৱালিটি প্ৰদাক্টছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানিটোৰ গুদামত চলাই থকা চোৰাং চাউলৰ বৃহৎ কাৰবাৰটো ধৰা পৰে।

লগতে পঢ়ক : ৰঙিয়াৰ ড্ৰাগছ সৰবৰাহকাৰী বিজেপি নেতাক দলৰ পৰা বহিস্কাৰ

‘আমি ৫০ কেজি ওজনৰ এক লাখ বস্তা এফ চি আই চাউল জব্দ কৰো। ব্যক্তিগত কোম্পানিটোৱে চাউলখিনি নিজৰ ব্ৰেণ্ডৰ নামত প্যেকেজিং কৰি মেঘালয়লৈ যোগান ধৰি আহিছিল,’ এগৰাকী বিষয়াই কয়।

দলটোয়ে গুদামটোৰ পৰা এই কাৰ্য্যত জড়িত থকা ১৩ খন ট্ৰাক জব্দ কৰিছে। বিষয়া গৰাকীয়ে জনোৱা মতে উক্ত চাউলখিনিৰ এটা অংশ মেঘালয়ত থকা আছাম ৰাইফলছৰ কেম্পলৈ যোগান ধৰি আহিছিল। এটা বৃহৎ চক্ৰই এই গোটেই কাৰবাৰটো চলাই থকা বুলি উল্লেখ কৰি ইয়াত বিষয়া পৰ্য্যয়ৰ লোকো জড়িত থাকিব পাৰে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

দীপক আগৰৱাল নামৰ ব্যক্তিজনৰ মালিকানাধীন মাৰুটি কোৱালিটি প্ৰদাক্টছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানিটোৰ বহুজাতিক খাদ্য কোম্পানিৰ সৈতে সম্পৰ্ক আছে, বৰ্তমান আৰক্ষী আৰু প্ৰশাসনে যুটীয়াভাৱে সমগ্ৰ ঘটনাৰ তদন্ত চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

কোম্পানিটোৰ স্বত্বাধিকাৰী দীপক আগৰৱাল বৰ্তমান পলাতক অৱস্থাত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply