গুৱাহাটী : সোমবাৰে নিশা এঘণ্টাৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ থকা ১২ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয়। ১২ গৰাকী ৰোগীৰ ভিতৰত ৯ গৰাকী ছুপাৰ স্পেচিয়েলিটি ক’ভিড আই চি ইউট ভৰ্তি হৈ থকা বিপৰীতে আন ৩ গৰাকী জেনেৰেল ৱাৰ্ডত ভৰ্তি হৈ আছিল।
সোমবাৰে মাজনিশা ১২ বজাৰ ১ বজাৰ ভিতৰত পৰা আটাইকেইজন ৰোগীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।
জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জনোৱা মতে মৃত লোককেইজন সংকটজনক অৱস্থাত হস্পিতালত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁলোকৰ অক্সিজেনৰ মাত্ৰা কম আছিল।
হঠাতে এঘণ্টৰ ভিতৰতে ১২জনকৈ ৰোগীৰ মৃত্যু হোৱা ঘটনাৰ খবৰ পোৱাৰ পিছতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মাজনিশাতে জিএমচিএইচ পৰিদৰ্শন কৰে।
জানিব পৰা মতে তেওঁ হাস্পাতালখনত জ্যেষ্ঠ চিকিৎসকসকল কোভিড ডিউটিত আছে নে নাই তাৰ খৱৰ লোৱাৰ লগতে হাস্পাতালখনৰ পৰিস্থিতিৰ বুজ লয়।
লগতে পঢ়ক : অভিনেতা চনু চুডৰ মহানুভৱতা; শ্বুটাৰ কনিকাক উপহাৰ দিলে জাৰ্মান ৰাইফল
‘আমি শিশুৰ বাবে ৩০০খন পৃথক বিছনাৰ ব্যৱস্থা কৰিছো। শিশুসকলৰ চিকিৎসা ইতিমধ্যে চলি আছে। বাকী জিলাসমূহৰ হস্পিতাল সমূহতো একেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে,’ তেওঁ কয়।
উল্লেখযোগ্য যে আজিৰ দিনটোত ৰাজ্যত ২,৬৭২ গৰাকী নতুন ক’ভিড ৰোগী চিনাক্ত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ২৭ গৰাকী ক’ভিড ৰোগীয়ে মৃত্যুক সাবটি লয়।