প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক: ক’ভিডৰ বাবে চলা লকডাউনৰ মাজতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই অসমত ১২খনকৈ যাত্ৰীবাহী ট্ৰেইনৰ চলাচল বন্ধ কৰিছে। অসম ৰে’লযাত্ৰী সন্থাই অসমৰ যাত্ৰীসকলৰ বাবে থকা উক্ত ট্ৰেইনকেইখন বাতিল কৰাৰ সিদ্ধান্তক লৈ যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে।

২০২০ চনৰ মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ সময়ৰ পৰাই উক্ত ১২খন ট্ৰেইনৰ চলাচল বন্ধ হৈ আছে বুলি অসম ৰে’লযাত্ৰী সন্থাই অভিযোগ কৰে।

এক প্ৰেছ বিজ্ঞপ্তিত অসম ৰে’লযাত্ৰী সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই কয়, ‘কিছু সংখ্যক লোকেল ট্ৰেইনৰ চলাচল আৰম্ভ কৰা হৈছে যদিও লকডাউনৰ সুযোগ লৈ গোপনে ১২খন ট্ৰেইন বাতিল কৰা হ’ল।’

এই সময়ছোৱাত অসমত বাতিল কৰা ট্ৰেইন কেইখন হৈছে –

১. ১২০৭ ডিব্ৰুগড় শতাব্দী

২. ১৫৯৪২ ঝাঝা এক্সপ্ৰেছ

৩. ১২৫২৫ কলকাতা এক্সপ্ৰেছ

৪. ১৫৬১৭ মৰিয়নি ইণ্টাৰচিটী

৫. ১৫৭১ কামাখ্যা ইণ্টাৰচিটী

৬. ১৫৯১১ নাহৰলগুন ইণ্টাৰচিটী

৭. ১৫৬০৫ ফৰকাটিং ইণ্টাৰচিটী

৮. ৫৫৯০৩ মৰিয়নি পেছেঞ্জাৰ

৯. ৬৫৯১১ ডাঙৰী পেছেঞ্জাৰ

১০. ৫৫৬৫ শিলচৰ পেছেঞ্জাৰ

১১. ৫৫৬০৫ মুৰ্কংচেলেক পেছেঞ্জাৰ

১২. ৫৫৬১৮ নিউ বঙাইগাঁও পেছেঞ্জাৰ

কোনো ধৰণৰ জাননী নিদিয়াকৈ অসমৰ পৰা ১২ খন ট্ৰেইন আঁতৰাই দিয়া হৈছে বুলি অভিযোগ কৰি অসম ৰে’লযাত্ৰী সন্থাই শীঘ্ৰে ৫খন ট্ৰেইন ক্ৰমে – ৫৫৬১৭ গুৱাহাটী-ৰঙিয়া-নিউ বঙাইগাঁও পেছেঞ্জাৰ, ১৫৮১ আলিপুৰদুৱাৰ-ৰঙিয়া-কামাখ্যা ইণ্টাৰচিটী, ১২৫২৫ ডিব্ৰুগড়-লখিমপুৰ-কলকাতা ছুপাৰফাষ্ট, ১২০৬ ডিব্ৰুগড়-লামডিং-গুৱাহাটী শতাব্দী আৰু ৬৫৯১১ ডিব্ৰুগড়-মাকুম-ডাঙৰী পেছেঞ্জাৰ পুনৰ আৰম্ভ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱে, অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক দাবী জনায়।

লগতে পঢ়ক – মহানগৰীত প্ৰৱঞ্চকৰ জালত ভাড়াঘৰৰ মালিক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply