শিলচৰ: ৰেগিঙত জড়িত থকাৰ অভিযোগত শিলচৰৰ চৰকাৰী দন্ত মহাবিদ্যালয়ৰ ১৪ জন ছাত্ৰক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হৈছে।
মঙলবাৰে দন্ত মহাবিদ্যালয়খনৰ এগৰাকী বিষয়াই জনোৱা মতে কিছুদিন পূৰ্বে মহাবিদ্যালয়খনৰ কেইজনমান প্ৰথম বৰ্ষৰ ছাত্ৰই জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে ৰেগিং বিৰোধী হেল্পলাইনত অভিযোগ দাখিল কৰাৰ পিছতে তেওঁলোকৰ ওপৰত এই ব্যৱস্থা লোৱা হয়।
মহাবিদ্যালয়ৰ অধ্যক্ষ মঞ্জুলা দাসে জনোৱা মতে বিষয়টো প্ৰতিষ্ঠানটোৰ ৰেগিং বিৰোধী সমিতিৰ দৃষ্টিগোচৰ কৰা হৈছিল। সমিতিখনে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে পৃথকে বিষয়টো অনুসন্ধান কৰে আৰু অভিযুক্ত শিক্ষাৰ্থীসকলক দোষী সাব্যস্ত কৰে।
সমিতিৰ পৰামৰ্শ আৰু নিৰ্ধাৰিত নিয়ম অনুসৰি ১৪জন শিক্ষাৰ্থীক মহাবিদ্যালয়ৰ আৱাসৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি অধ্যক্ষজনে কয়। অৱশ্যে, তেওঁলোকক পাঠ্যক্ৰম অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছে।
লগতে পঢ়ক – জাপান (১) বনাম ক্ৰোৱেচিয়া (৩): বিশ্বকাপৰ Tactical Analysis