মঙলদৈ: বছৰটোৰ প্ৰথমটো বানত বৃহস্পতিবাৰে দৰং জিলাৰ কেবাখনো নতুন গাওঁ প্লাবিত কৰিছে। জিলা প্ৰশাসনৰ তথ্য মতে জিলাখনৰ এতিয়ালৈকে দলগাওঁ, মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ ১৫৩ খন গাওঁ বানৰ কবলত পৰিছে আৰু ৬১৭৩৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে।

উক্ত ৰাজহ চক্ৰৰ অন্তৰ্গত ১০,৩৭৮.৯০ হেক্টৰ কৃষিভূমি অঞ্চল প্লাবিত হৈছে । তদুপৰি ১,২৪,৯৯৪ টা পশুধন বানৰ কবলত পৰিছে । 

মঙলদৈ, দলগাওঁ আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনত মুঠ ২৪ টা সাহাৰ্য শিবিৰ ইতিমধ্যে জিলা প্ৰশাসনে স্থাপন কৰিছে। জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাৰ নিৰ্দেশ মৰ্মে বানাক্ৰান্ত লোকসকলক খাদ্যবস্তুকে ধৰি পশুখাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে।

তদুপৰি জলসম্পদ আৰু লোক নিৰ্মান বিভাগৰ দ্বাৰা বানত ক্ষতিগ্ৰস্ত মথাউৰি আৰু পথসমূহ সাময়িকভাৱে মেৰামতিৰ বাবে প্ৰচেষ্টা লোৱা হৈছে। স্বাস্থ্য বিভাগৰ দ্বাৰা বানাক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে আঠটাকৈ মেডিকেল টিম নিয়োগ কৰা হৈছে।

লগতে পঢ়ক – ফে’চবুকত ‘বিদ্ৰোহী’ কবিতা লিখি গ্ৰেপ্তাৰ হ’ল টীয়কৰ মেধাৱী ছাত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply