মঙলবাৰে ৰাজ্যত ৩,১৩২ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ থকা ১৮ গৰাকী ব্যক্তিৰ মৃত্যু হয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি ৰাজ্যত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৫.০০ শতাংশ।
কালি ৰাজ্যত ৬২,৬২৮ ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
সোমবাৰে অসমত ক’ভিড আক্ৰান্ত লোকৰ হাৰ আছিল ৪.২৯ শতাংশ।
উল্লেখযোগ্য যে মঙলবাৰ পৰ্য্যন্ত অসমত ১,২৩৩ লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।
কালি মৃত্যু হোৱা ১৮ গৰাকী ব্যক্তিৰ ৫ গৰাকী কামৰূপ মহানগৰৰ, ২ গৰাকীকৈ কাচাৰ, গোৱালপাৰা, নলবাৰী জিলাৰ আৰু বৰপেটা, বঙাইগাঁও, হোজাই, যোৰহাট, কামৰূপ গ্ৰাম্য, কৰিমগঞ্জ আৰু শিৱসাগৰৰ ১ জনকৈ লোকৰ মৃত্যু হয়।
আনহাতে আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৩১৩ গৰাকী, ডিব্ৰুগড় ২২৮ গৰাকী, কামৰূপ গ্ৰাম্যত ১৯৭ গৰাকী আৰু যোৰহাটত ১২৭ গৰাকী ব্যক্তিৰ ক’ভিড ধৰা পৰে।
এই পৰ্য্যন্ত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্য হৈছে ১৯,৯২৩ গৰাকী।