তিনিচুকীয়া : ব্লেক ফাংগাছত আক্ৰান্ত হৈ উজনি অসমৰ প্ৰথমজন আৰু ৰাজ্যৰ দ্বিতীয়জন লোকৰ মৃত্যু ঘটিছে। আজি পুৱা ডিব্ৰুগড়ত এজন ৫৩ বছৰীয়া লোকৰ ব্লেক ফাংগাছ বা মিউকোৰমাইকোছিচৰ ফলত মৃত্যু হয়।
ইয়াৰ পূৰ্বে যোৱা ১৯ মে’ত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ব্লেক ফাংগাছত আক্ৰান্ত হৈ অসমৰ প্ৰথমজন লোকৰ মৃত্যু হৈছিল। উক্ত লোকজনৰ ঘৰ নগাঁও জিলাত আছিল।
অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত ডিহিঙিয়াই এই কথা নিশ্চিত কৰি কয় যে আজি মৃত্যুক সাবটি লোৱা লোকজনক ১৫ জুনত, নিগেটিভ অহাৰ পিছত, চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।
‘চিকিৎসালয়ত ভৰ্তি কৰোৱা সময়ত তেওঁ স্বাস-প্ৰশ্বাসত অসুবিধা পাই থকা বুলি জনাইছিল আৰু পিছত তেওঁৰ দেহত ব্লেক ফাংগাছৰ সংক্ৰমণ ধৰা পৰে,’ তেওঁ কয়।
লগতে পঢ়ক : চাকৰি! দুলীয়াজানস্থিত অইল ইণ্ডিয়াত ১২০ টা পদত নিযুক্তি
আজি পুৱা ৰোগী গৰাকীয়ে ব্লেক ফাংগাছৰ ফলত মৃত্যুক সাবটি ল’ব লগীয়া হয় বুলি তেওঁ লগতে জানিবলৈ দিয়ে।
নিহত ৰোগীজনক লখিমপুৰ জিলাৰ শুভাস চাহু বুলি জানিব পৰা গৈছে, যোৱা ১২ জুনত তেওঁৰ ক’ভিড টেষ্ট নিগেটিভ আহিছিল।
উল্লেখযোগ্য বৰ্তমান অসমৰ বিভিন্ন ঠাইত ৬ জনতকৈ অধিক লোক ব্লেক ফাংগাছত আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে।