বুধবাৰে আবেলি কৰিমগঞ্জ জিলাৰ ৰতাবাৰী সমষ্টিৰ অন্তৰ্গত সোণবিলত সংঘটিত এক নাও দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়।
প্ৰাপ্ত তথ্য মতে জিলাখনৰ কল্যাণপুৰৰ পৰা ফাকুৱা গাঁওলৈ নাৱেৰে গৈ থকা অৱস্থাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। অৱশ্যে নাওখনত থকা আন তিনিজন লোকে সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।
নিহত কেইজনক এটি ১০ বছৰীয়া শিশু হাসী দাস আৰু তাইৰ পঞ্চাছোধৰ্বৰ খুৰিয়েক উজ্বলা দাস বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক : ‘উত্তৰ-পূব’ৰ যুৱতীক উলংগ কৰি দলবদ্ধ অত্যাচাৰ কৰা ভিডিঅ’; দোষীক বিচাৰি অসম আৰক্ষীৰ অভিযান
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত জিলাখনৰ এছ ডি আৰ এফ বাহিনীয়ে ১৫ ঘণ্টা ধৰি অভিযান চলাই বৃহস্পতিবাৰে পুৱা মৃতদেহ দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিছত মৃতদেহ দুটাক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
বৃহস্পতিবাৰে পোৱা ৰতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান পৰ্যবেক্ষণ কৰে। তেওঁ মুখ্য মন্ত্ৰীয়ে উক্ত দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰা বুলি উল্লেখ কৰি দুৰ্ভগীয়া পৰিয়াললৈ চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য দিয়া বুলি সদৰী কৰে।